যমুনা গাঁৱৰ নৈত দুই অচিনাক্ত পুৰুষ- মহিলাৰ মৃতদেহ উদ্ধাৰ...

উল্লেখযোগ্য যে, মৃতদেহ দুটাৰ এটা পুৰুষৰ, আনটো মহিলাৰ। মহিলাগৰাকী পিন্ধনত চাদৰ- মেখেলা আৰু পুৰুষৰ মৃতদেহটো পিন্ধনত গামোচা।

author-image
Asomiya Pratidin
New Update
যমুনা গাঁৱৰ নৈত দুই অচিনাক্ত পুৰুষ- মহিলাৰ মৃতদেহ উদ্ধা

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানৰ অন্তৰ্গত যমুনা গাঁৱৰ দীঘল পানী নদীত ওপঙি থকা অৱস্থাত দুটা মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰা মৃতদেহ দুটাৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। 

এই খবৰ পোৱাৰ মাত্ৰকেই হাওৰাঘাট থানৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি থানালৈ লৈ আনে। এই লৈ যমুনা গাঁৱকে ধৰি সমগ্ৰ হাওৰাঘাট অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । 

উল্লেখযোগ্য যে, মৃতদেহ দুটাৰ এটা পুৰুষৰ, আনটো মহিলাৰ। মহিলাগৰাকী পিন্ধনত চাদৰ- মেখেলা আৰু পুৰুষৰ মৃতদেহটো পিন্ধনত গামোচা। এই সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি মৃত দুয়োৰাকী ব্যক্তি আদিবাসী নাইবা জনজাতীয়  সম্প্ৰদাযৰ হ’ব পাৰে বুলি সন্দেহ কৰিছে ৰাইজে। 

আনহাতে মৃতদেহ কেইটা ক’ৰ পৰা নদীৰ পানীত উটি আহিল, তাৰ সম্ভেদ লাভ কৰিব পৰা নাই । উল্লেখ্য যে বাতৰি যুগুত কৰালৈকে মৃতদেহ দুটা  চিনাক্ত কৰিব পৰা নাই  । মৃত পুৰুষগৰাকীৰ বয়স আনুমানিক ৪০ আৰু মহিলাগৰাকীৰ ৩৫ মান হ'ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে ।

Haoraghat