জাতীয়তাবাদী নেতা বোধেন শইকীয়া আৰু নাই

নগাঁৱৰ পাঠৰী গায়ন গাঁও নিবাসী ,অসম আন্দোলনৰ সক্ৰিয় কৰ্মী  ,জাতীয়তাবাদী নেতা বোধেন শইকীয়া আৰু  নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১বছৰ।

author-image
Asomiya Pratidin
New Update
339

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ পাঠৰী গায়ন গাঁও নিবাসী ,অসম আন্দোলনৰ সক্ৰিয় কৰ্মী  ,জাতীয়তাবাদী নেতা বোধেন শইকীয়া আৰু  নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১বছৰ।

Advertisment

উল্লেখ্য যে, তেওঁ কিছুদিন ধৰি  এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। ভূগোল বিষয়ত নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা শইকীয়া এগৰাকী অদম্য  সাহসী আৰু জাতীয়তাবাদী চিন্তাৰ ব্যক্তি আছিল। অসম আন্দোলনৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল।

অসম আন্দোলনৰ পৰিসমাপ্তিৰ পিছত তেওঁ অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদৰ লগত জড়িত হয়। পৰিষদৰ পাঠৰী আঞ্চলিক সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত বোধেন শইকীয়াই পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক আৰু সভাপতিৰ দ্বায়িত্ব নিষ্ঠাৰে পালন কৰি  নগাঁও জিলাত পৰিষদৰ সংগঠন শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আনহাতে ১৯৯১- ৯২ বৰ্ষত কংগ্ৰেছ চৰকাৰৰ আমোলত তেওঁ কেবাবাৰো নিৰ্যাতনৰ সন্মুখীন হৈছিল।

পৰৱৰ্তী সময়ত তেওঁ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লগত জড়িত হৈছিল আৰু পিছলৈ বিজেপিত যোগদান কৰি বিজেপিৰ ভোটাই- পাঠৰী মণ্ডলৰ উপসভাপতিৰ দ্বায়িত্ব পালন কৰিছিল। সাংবাদিক শৈলেন শইকীয়াৰ সম্পাদনাত প্ৰকাশ পোৱা অন্তৰীপ  আলোচনীৰ প্ৰকাশক আছিল শইকীয়া।

তাৰোপৰি পাঠৰি চাৰিআলিৰ সাংস্কৃতিক গোষ্ঠী সুৰ্যজ্যোতি সংঘৰ সভাপতি হিচাপে মৃত্যুৰ সময়লৈকে কাৰ্যনিৰ্বাহ কৰি আছিল। দক্ষিণ নগাঁও বাৰগঞা সমাজৰ লগতে স্থানীয় বিভিন্ন সাংস্কৃতিক ,সামাজিক কাম কাজৰ লগতো তেওঁ জড়িত আছিল।

ইফালে শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত গুণমুগ্ধসকল উপস্থিত হৈ তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জনায়। তেওঁৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়ন ,মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই গভীৰ শোক প্ৰকাশ কৰি কয় যে বোধেন শইকীয়া এগৰাকী সাহসী জাতীয়তাবাদী নেতা আছিল। তেওঁৰ মৃত্যু জাতীয়তাবাদী সংগ্ৰামখনৰ অপুৰণীয় ক্ষতি হ'ল।

তেওঁৰ মৃত্যুত মন্ত্ৰী কেশৱ মহন্ত ,বিধায়কদ্বয় ৰূপক শৰ্মা ,জিতু গোস্বামী ,প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা ,প্ৰাক্তন বিধায়ক ডা০ দুৰ্লভ চমুৱাই শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তাৰোপৰি  মানৱ অধিকাৰ কৰ্মী  লাচিত বৰদলৈ ,অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি বিমল প্ৰসাদ চৌধুৰী ,দিলীপ পাটগিৰি ,বিজয় দেউৰী ,প্ৰাক্তন সাধাৰণ সম্পাদক অদীপ কুমাৰ ফুকন ,কনক হাজৰিকা প্ৰাক্তন,মুখ্য উপদেষ্টা ৰমেন্দ্ৰ মল্ল বুজৰ বৰুৱা, অগপৰ উপসভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই শোক প্ৰকাশ কৰে।

একেদৰে বিজেপিৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰঞ্জিত বৰদলৈ , বিজেপি নেতা অভিজিত নাথ , অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰৱাল শৰ্মা ,সাধাৰণ সম্পাদক হেমন্ত দাস ,প্ৰাক্তন সভাপতি ৰাণা বৰদলৈ , সদো নগাঁও জিলা ছাত্র সন্থা ,মাছৰ নগাঁও জিলা সমিতি ,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উপসভাপতি ভবেন বৰা ,যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি খগেন দাস ,সম্পাদক বুল হীৰা  আদিৰ লগতে অগপৰ নগাঁও জিলা সমিতি ,বিজেপিৰ ভোটাই পাঠৰি মণ্ডল সমিতি ,সুৰ্যজ্যোতি সংঘ আদি বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানে শইকীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ দুই ভাতৃ ,পত্নী ,একমাত্ৰ কন্যা সহ বহু আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ গৈছে।

নগাঁও