চাপৰত ব্রহ্মপুত্রৰ বুকুত নাও দুৰ্ঘটনা...

বঙাইগাঁও জিলাৰ চাপৰ ৰাজহচক্ৰৰ অন্তৰ্গত সাতকাটা চৰত সংঘটিত হৈছে নাঁও দুৰ্ঘটনা। এই দুৰ্ঘটনাত এটি ৩মহীয়া শিশু সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
zdgdf

ডিজিটেল ডেস্ক : বঙাইগাঁও জিলাৰ চাপৰ ৰাজহচক্ৰৰ অন্তৰ্গত সাতকাটা চৰত সংঘটিত হৈছে নাঁও দুৰ্ঘটনা। এই দুৰ্ঘটনাত এটি ৩মহীয়া শিশু সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।

Advertisment

উল্লেখযোগ্য যে যোগীঘোপাৰ সীমামূৰীয়া অঞ্চল সাতকাটা চৰত পুৱা প্ৰায় ১০-৪০ বজাত সংঘটিত হয় দুৰ্ঘটনাটো। স্থানীয় লোকৰ ভাষ্য অনুসৰি জিলাখনৰ উচুংগাৰ চৰৰ পৰা চাপৰ বজাৰলৈ গৈ আছিল নাৱখন। আনহাতে নাৱখনত প্রায় ৩৫ৰ পৰা ৪০জন যাত্রী থকা বুলি জানিবলৈ দিয়ে।

ইফালে এই দুৰ্ঘটনাৰ পাছতে এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ যাত্ৰীসকলৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। একেদৰে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত জানিব পৰা তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত নাৱখনৰ গৰাকীৰ নাম হৈছে - ৰোফিকুল ইছলাম, পিতৃৰ নাম সাদুল্লা চৰকাৰ। আনহাতে সন্ধানহীন শিশুটিৰ নাম হৈছে- মেহেনাজ পাৰ্বিন, বয়স ৩মাহ। শিশুটিৰ পিতৃৰ নাম আনোৱাৰ হুছেইন আৰু মাতৃৰ নাম কমলা খাতুন বুলি জানিবলৈ দিয়ে।

accident River Brahmaputra