উত্তপ্ত কোকৰাঝাৰত বি এন এছ এছৰ ১৬৩ ধাৰা জাৰি

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ এই ধাৰা অনুসৰি একেটা স্থানত চাৰিজনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব। শোভাযাত্ৰা, পদযাত্ৰা তথা অনুষ্ঠানৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিষেধাজ্ঞা।

author-image
Asomiya Pratidin
New Update
new ap web  1 (4)
  • উত্তপ্ত কোকৰাঝাৰত বি এন এছ এছৰ ১৬৩ ধাৰা জাৰি জিলা প্ৰশাসনৰ।
  • ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ এই ধাৰা অনুসৰি একেটা স্থানত চাৰিজনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।
  • শোভাযাত্ৰা, পদযাত্ৰা তথা অনুষ্ঠানৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিষেধাজ্ঞা।
  • অৱস্থান ধৰ্মঘটকে ধৰি অনুমতি অবিহনে মাইক আদি বজোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি।
  • ইতিমধ্যে জিলাখনত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।
  • জিলাখনৰ কাৰিগাঁৱত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী, কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰক্ষীয়ে। 
  • সামান্তৰালভাৱে ৰেপিড একচন ফ’ৰ্চৰ দুটা কোম্পানী মোতায়েন কৰা হৈছে ।
  • লগতে সেনাৰ ফ্লেগমাৰ্চৰ খবৰ পোৱা গৈছে। 
  • পৰিস্থিতি অধিক অৱনতি ঘটিছে জিলাখনত।
  • পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
kokrajhar Dr. Himanta Biswa Sarma