বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত ৰক্তদান শিবিৰ...

২০ গৰাকী ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকাৰ ৰক্তদান

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত ৰক্তদান শিবিৰ...

BATRADAVA

ডিজিটেল সংবাদ বটদ্ৰৱাঃ ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS)ৰ অধীনত বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত আজি এক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। এই ৰক্তদান কাৰ্যসূচীত মহাবিদ্যালয়খনৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকাই ৰক্তদান কৰে।

Advertisment

মহাবিদ্যালয়খনৰ অধ্যক্ষ হাবিবুৰ ৰহমানে সংবাদ মাধ্যমক জনোৱা মতে, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ জৰিয়তে ছাত্র-ছাত্ৰীসকলে জৰুৰীকালীন সেৱাত কাম কৰিব লাগিব। লগতে একোখন গাঁও বাচনি কৰি সেই গাওঁখনক সেউজীয়া গাঁৱলৈ ৰূপান্তৰিত কৰিব।

ৰক্ত দান শিবিৰটোত ড০ চন্দন শৰ্মা, ৰাষ্ট্ৰীয় সেয়া আঁচনিৰ তত্বাৱধায়ক অসীম চক্ৰৱৰ্তীৰ লগতে ছাত্র-ছাত্ৰীসকল উপস্থিত আছিল।

assam BLOOD DONATION CAMP BATRADAVA