নগাঁও কলেজ (অট’নমাচ) ত মেগা ৰক্তদান শিবিৰ...

২৪ ইউনিট ৰক্ত ব্লাড বেংকলৈ প্ৰদান

author-image
Asomiya Pratidin
New Update
নগাঁও কলেজ (অট’নমাচ) ত মেগা ৰক্তদান শিবিৰ...

nagaon college

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁও কলেজ (অট'নমাচ)ৰ ৰেড ৰিবন ক্লাব আৰু এন.এছ.এছ গোটৰ যৌথ উদ্যোগত আৰু অসম এইডছ নিয়ন্ত্ৰণ সমিতিৰ পৃষ্ঠপোষকতাত আৰু অসম ৰাজ্যিক ৰক্তদান সঞ্চালন পৰিষদৰ সহযোগত আজি এক মেগা ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। ৰেড ক্লাবৰ সমন্বয়ক আৰু এন.এছ.এছৰ আঁচনি বিষয়া ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা আদৰনী অনুষ্ঠানত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ পৰামৰ্শ দাতা ৰিকু দত্ত আৰু ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন শৰ্মাৰ নেতৃত্বত এটি ন জনীয়া দল উপস্থিত থাকে।

Advertisment

এই ৰক্তদান শিবিৰ আনুষ্ঠানিকভাৱে কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে উদ্বোধন কৰি তেওঁৰ ভাষণত ছাত্ৰ-ছাত্ৰীসকলক এই মহান ৰক্তদান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰে। এই আদৰণি অনুষ্ঠানত উপস্থিত থাকি ড০ চন্দন শৰ্মাই উপস্থিত তিনি শতাধিক ছাত্ৰ-ছাত্ৰীক ৰক্তদানৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা বিশদভাৱে ব্যাখ্যা কৰে আৰু সকলো ছাত্ৰ-ছাত্ৰীকে ৰক্ত দানৰ এই মহান কাৰ্যসূচীত নিয়োজিত হৈ মানৱ সেৱা কৰিবৰ বাবে আহ্বান কৰে আৰু এই বিষয়ত সজাগতা সৃষ্টি কৰাত অগ্ৰণী ভূমিকা পালন কৰিবলৈ আহ্বান জনায়।

আজি অনুষ্ঠিত এই ৰক্ত দান শিবিৰত ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰক্ত দানৰ কাৰণে নিজৰ নাম পঞ্জীয়ন কৰাৰ লগতে ২৪ ইউনিট ৰক্ত ব্লাড বেংকলৈ প্ৰদান কৰা হয়। এই ৰক্তদান শিবিৰৰ সামৰণি অনুষ্ঠানত নগাঁও কলেজ (অট’নমাচ) ৰ এন.এছ.এছ দ্বিতীয় গোটৰ আঁচনি বিষয়া ড০ মানস জ্যোতি নিৰ্মলীয়াই এই ৰক্তদান শিবিৰত পৃষ্ঠপোষকতা কৰাৰ বাবে অসম এইডচ নিয়ন্ত্ৰণ সমিতি আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে অসম ৰাজ্যিক ৰক্ত পৰিষদকে প্ৰমুখ্য কৰি অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাসকলক ধন্যবাদ জ্ঞাপন কৰে।

nagaon college BLOOD DONATION CAMP