শোচনীয়া অৱস্থা মধ্য প্ৰদেশৰ স্বাস্থ্য খণ্ডৰ, এম্বুলেঞ্চৰ অভাৱত কান্ধত কঢ়িয়াই নিছে ৰোগীক...

শোচনীয়া অৱস্থা মধ্য প্ৰদেশৰ স্বাস্থ্য খণ্ডৰ, এম্বুলেঞ্চৰ অভাৱত কান্ধত কঢ়িয়াই নিছে ৰোগীক...

ডিজিটেল ডেস্ক : মধ্য প্ৰদেশৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ সকলো তথ্য মিছা বুলি প্ৰমাণিত কৰিলে চত্তৰপুৰ জিলাৰ এটি পৰিয়ালে । এম্বুলেঞ্চৰ অভাৱত চিকিৎসালয় পৰা নিজৰ ৪ বছৰীয়া সন্তানক কান্ধত কঢ়িয়াই বাসগৃহলৈ অনা দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত । প্ৰায় একে সময়তে আন এটি পৰিয়ালে নিজৰ নৱজাতক শিশুটিক এম্বুলেঞ্চৰ অভাৱতে পলিথিনৰ মোনাত বান্ধি দুচকীয়া বাহনত ওলমাই আনিব লগীয়া হৈছিল । এই দুয়োটা ঘটনাই হৈছে মধ্য প্ৰদেশৰ চত্তৰপুৰ জিলাৰ ।

প্ৰথম ঘটনাটি সংঘটিত হৈছিল প্ৰীতি নামৰ ৪ বছৰীয়া শিশুটিয়ে নৈৰ পাৰত খেলি থকা অৱস্থাত । তেনে সময়তেই বোকাত পোত খাই যোৱা প্ৰীতিক পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ অনা হৈছিল যদিও চিকিৎসকৰ চেষ্টাৰ পাছতো মৃত্যু ঘটিছিল শিশুটিৰ । তাৰ পাছতেই শিশুটিৰ মৃতদেহ বাসগৃহলৈ নিবলৈ বিচাৰি পোৱা নগ'ল এম্বুলেঞ্চ যাৰ বাবে শিশুটিৰ মামাকে কান্ধত কঢ়িয়াই আনিছিল প্ৰীতিৰ নিঠৰ দেহটো ।                  

আনহাতে দ্বিতীয়টো ঘটনাত, নৱজাতক সন্তানটিক ঘৰলৈ নিবলৈ কোনো এম্বুলেঞ্চ বিচাৰি নোপোৱাৰ বাবেই পলিথিনৰ মোনাত বান্ধি বাইকত ওলমাই লৈছিল অভিভাৱকে । পৰৱৰ্তী পৰ্যায়ত ঘটনা সন্দৰ্ভত জিলা খনৰ উপায়ুক্তক গোচৰ তৰাত বৰ্তমান তদন্ত অব্যাহত আছে চিকিৎসালয় খনৰ বিৰুদ্ধে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in