/asomiyapratidin/media/media_files/2024/12/03/P6dhflsGgLtGnbTKAc2y.jpg)
ডিজিটেল ডেস্কঃ বিশ্বৰ পৰা কোৰোনাই বিদায় নলওঁতেই পুনৰ এক নতুন ভাইৰাছে বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰিছে কেইবাখনো দেশত। এই ভাইৰাছৰ কৱললৈ আহি এতিয়ালৈকে মৃত্যু হৈছে ১৫গৰাকীকৈ লোক। ভাইৰাছবিধৰ ভয়াৱহতাৰ উমান পায়ে ১৭খন দেশত ৰেড এৰ্লাট জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।
এই ভাইৰাছবিধৰ উতপত্তি হৈছে আফ্ৰিকাৰ ৰাৱাণ্ডাত। ভাইৰাছবিধক নামাকৰণ কৰা হৈছে মাৰবৰ্গ ভাইৰাছ। এই ভাইৰাছবিধত আক্ৰান্ত হ'লে মানুহৰ চকুৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰে। যাৰ বাবে এই ভাইৰাছবিধক Bleeding Eye Virus বুলিও নামাকৰণ কৰিছে বহুকেইটা গৱেষণা সংস্থাই।
বিশ্ব স্বাস্থ্য সংস্থাই সদৰি কৰা অনুসৰি, এই ভাইৰাছবিধ ইবলা ভাইৰাছৰ সৈতে যথেষ্ট সাদৃশ্য আছে। মাৰবৰ্গ ভাইৰাছ হৈছে এবিধ জেনেটিক ভাইৰাছ। জন্তুৰ পৰা এই ভাইৰাছবিধ মানুহৰ দেহলৈ বিয়পে বুলি সদৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। এই ভাইৰাছত আক্ৰান্ত হোৱাৰ কিছুদিনৰ পিছে এগৰাকী লোকৰ মৃত্যু হয়। এতিয়ালৈকে ৰাৱাণ্ডাত ১৫গৰাকীকৈ লোকৰ মৃত্যু হৈছে এই ভাইৰাছবিধত আক্ৰান্ত হৈ।
বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে যে, এই ভাইৰাছবিধত আক্ৰান্ত হলে প্ৰথমে এগৰাকী লোকৰ তীব্ৰ জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ,বমিৰ দৰে সমস্যাই দেখা দিয়ে। তাৰ পাছতে চকুৰ পৰা তেজ ওলাবলৈ আৰম্ভ হয়। এই ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পাছতে এগৰাকী লোকৰ সকলো অৰ্গেন ফেইল হৈ পৰে আৰু তাৰ পিছতে মৃত্যু হয় লোকগৰাকীৰ। এই ভাইৰাছবিধ ১৯৬১চনতে জাৰ্মানীত ধৰা পৰিছিল বুলি সদৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।