কিম জং ওনে পুটিনক উপহাৰ দিয়া বাহনত বিস্ফোৰণ! আঁৰত আছিল কোন?

যোৱা দেওবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুুটিনৰ বিলাসী লিমজিন গাড়ীত হোৱা ভয়ংকৰ বিস্ফোৰণৰ পাছতে এতিয়া পুটিনৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে। বিলাসী লিমজিন গাড়ীত

author-image
Asomiya Pratidin
New Update
kjkjkj

ডিজিটেল ডেস্কঃ যোৱা দেওবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুুটিনৰ বিলাসী লিমজিন গাড়ীত হোৱা ভয়ংকৰ বিস্ফোৰণৰ পাছতে এতিয়া পুটিনৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে। এতিয়ালৈকে এই বিস্ফোৰণৰ আঁৰত কোন আছে, তাৰ সঠিক তথ্য পোহৰলৈ অহা নাই। তথাপিও ৰাছিয়াৰ চোৰাংচোৱা সংস্থাই দাবী কৰিছে যে, এই আক্ৰমণৰ আঁৰত আছে ইউক্ৰেইন।

Advertisment

ৰাছিয়াই চোৰাংচোৱা সংস্থাই ইউক্ৰেইনৰ ওপৰত সন্দেহ কৰাৰো এটা শক্তিশালী কাৰণ আছে। যোৱা কিছুদিনৰ পূৰ্বে অৰ্থাৎ ২৬মাৰ্চ তাৰিখে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে ভৱিষ্যতদ্বাণী কৰিছিল যে, অচিৰেই মৃত্যু হব পুটিনৰ। কোনো শক্তিয়ে অতি সোনকালে পুটিনক হত্যা কৰিব বুলি দাবী কৰিছিল জেলনস্কীয়ে।

জেলেনস্কীৰ এই দাবীৰ ৪দিনৰ পিছতে পুটিনৰ বিলাসী বাহনত হোৱা ভয়ংকৰ বিস্ফোৰণে এতিয়া সন্দেহৰ আঙুলি উঠিছে ইউক্ৰেইনৰ বিৰুদ্ধে। ৰাছিয়াই অৱশ্যে এই দাবী আনুষ্ঠানিকভাৱে প্ৰকাশ নাই। ৰাছিয়াই সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি, পুটিনক ভীতিগ্ৰস্ত কৰিবৰ বাবেই তেওঁৰ নিৰাপত্তাৰক্ষীয়ে ব্যৱহাৰ কৰা বিলাসী লিমজিন বাহনত সংস্থাপিত কৰা হৈছিল বোমা।

ইফালে বিস্ফোৰিত হোৱা এই বিলাসী লিমজিন গাড়ীখন পুটিনক উপহাৰ দিছিল উত্তৰ কোৰিয়াৰ শাসক কিম জং ওনে। 

ভ্লাদিমিৰ পুটিন