মছজিদত বিস্ফোৰণঃ ৪ জনৰ মৃত্য, ২৫ জন আহত...

author-image
Asomiya Pratidin
New Update
মছজিদত বিস্ফোৰণঃ ৪ জনৰ মৃত্য, ২৫ জন আহত...

ডিজিটেল ডেস্কঃ বুধবাৰে পুনৰ এক বিস্ফোৰণে কপাই তুলিলে কাবুল। আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলৰ এটা মছজিদত সংঘটিত হোৱা এই বিস্ফোৰণত ৪ জন লোকৰ মৃত্যু হৈছে।

Advertisment

আনহাতে এই বিস্ফোৰণত অতি কমেও ২৫ জনলোক আহত হৈছে। আনহাতে মৃত্যু সংখ্যা পৰৱৰ্তী সময়ত বৃদ্ধি পোৱাৰ যথেষ্ট সম্ভৱনা আছে। আহতসকলৰ মাজৰ কেইবাজনো লোকৰ অৱস্থা অতি সংকটজনক।

এই বিস্ফোৰণ কাবুলৰ আভ্যন্তৰীণ মন্ত্ৰণালয়ৰ কাষৰ এটা মছজিদত সংঘটিত হৈছে। আফগান প্ৰশাসনে এই বিস্ফোৰণৰ তদন্ত আৰম্ভ কৰিছে।

kabul afghanistan