Advertisment

মহাৰাষ্ট্ৰৰ অস্ত্ৰ-শস্ত্ৰ কাৰখানাত বিস্ফোৰণ : ৫ শ্ৰমিকৰ অৱস্থা সংকটজনক...

ভাণ্ডাৰাৰ সমীপৱৰ্তী এটা অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা কাৰখানাত সংঘটিত বিস্ফোৰণৰ ফলত ৬জন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰে ৫জন শ্ৰমিকৰ অৱস্থা অতি সংকটজনক

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মহাৰাষ্ট্ৰৰ অস্ত্ৰ-শস্ত্ৰ কাৰখানাত বিস্ফোৰণ : ৫ শ্ৰমিকৰ অৱস্থা সংকটজনক... 

মহাৰাষ্ট্ৰৰ অস্ত্ৰ-শস্ত্ৰ কাৰখানাত বিস্ফোৰণ : ৫ শ্ৰমিকৰ অৱস্থা সংকটজনক... 

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাত শুকুৰবাৰে পুৱা সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। ভাণ্ডাৰাৰ সমীপৱৰ্তী এটা অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা কাৰখানাত সংঘটিত বিস্ফোৰণৰ ফলত ৬জন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰে ৫জন শ্ৰমিকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। জীৱন- মৃত্যুৰ সৈতে যুঁজি আছে কাৰাখাটোৰ এই ৫ শ্ৰমিকে।

Advertisment

উল্লেখযোগ্য যে শুকুৰবাৰে পুৱা ১০-৩০ বজাত সংঘটিত হয় এই বিস্ফোৰণ। অৱশ্যে বিস্ফোৰণটো কি কাৰণত সংঘটিত হ’ল, সেই সম্পৰ্কে এতিয়াই জানিব পৰা হোৱা নাই।

ইতিমধ্যে জিলা আয়ুক্ত সঞ্জয় কলট ঘটনাস্থলী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। তাৰোপৰি আৰক্ষী- প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান চলাই থকা হৈছে। ইফালে বিস্ফোৰণত আঘাতপ্ৰাপ্ত শ্ৰমিকসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি বিস্ফোৰণৰ প্ৰাবল্য ইমানেই প্ৰবল আছিল যে, ৫ কিলোমিটাৰ নিলগৰ পৰা ইয়াৰ শব্দ শুনা গৈছিল। 

maharashtra