/asomiyapratidin/media/media_files/2025/06/30/new-ap-web-2025-06-30-12-08-39.jpg)
ডিজিটেল ডেস্কঃ হায়দৰাবাদত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। চিগাচি কেমিকেলছত ৰাসায়নিক পদাৰ্থৰে ভৰপূৰ টেংকাৰত সংঘটিত হৈছে বিস্ফোৰণ। এই দুৰ্ঘটনাত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক আহত হৈছে। দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে।
ইফালে কাৰখানাটোত অগ্নিকাণ্ড সংঘটিত হোৱাত উদ্ধাৰ অভিযান অব্যাহত আছে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও প্ৰথম অৱস্থাত ৰিয়েক্টৰৰ কাৰিকৰী বিজুতিৰ বাবেই বিস্ফোৰণ সংঘটিত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে।
স্থানীয় সূত্ৰ অনুসৰি, এই ঘটনাত বহু লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহতসকলক এম্বুলেন্সেৰে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমানেও চলি আছে সাহায্য আৰু উদ্ধাৰৰ কাম। ইফালে, উদ্যোগটোত সুৰক্ষাৰ নিয়ম মানি চলিছিল নে নাই সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে বিষয়াসকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us