মোক্ষম আঘাতঃ বেলুচ লিবাৰেশ্যন আৰ্মীয়ে উৰুৱালে পাকিস্তানী সেনাৰ বাহন...

বিগত সপ্তাহত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে বেলুচিস্তান প্ৰদেশত সংঘটিত কৰা দুটা পৃথক কাণ্ডত ১০টা সন্ত্ৰাসবাদী নিহত হোৱা বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
fffffffffffffg

ডিজিটেল ডেস্কঃ বেলুচিস্তান প্ৰদেশত পাক সেনাৰ বাহনক লক্ষ্য কৰি আই ই ডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। পাকিস্তানত স্বাধীনতাৰ বাবে যুঁজি থকা বিচ্ছিন্নতাবাদী গোট বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে। এই ঘটনাত পাকিস্তান সেনাৰ ১২ জন জোৱান নিহত হয়।

এই বিস্ফোৰণত বিশেষ অভিযানৰ অধিনায়ক তাৰিক ইমৰাণ আৰু চুবেদাৰ উমৰ ফাৰুকো নিহত হয়।বিস্ফোৰণত সেনাৰ বাহনখনো ধ্বংস হয়। উল্লেখ্য যে, বিগত সপ্তাহত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে বেলুচিস্তান প্ৰদেশত সংঘটিত কৰা দুটা পৃথক কাণ্ডত ১০টা সন্ত্ৰাসবাদী নিহত হোৱা বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

এই ঘটনাৰ পাছতে বিএলএই য়ে পাকিস্তান সেনাৰ জোৱান আৰু নিৰাপত্তা বাহিনীক আক্ৰমণৰ লক্ষ্য কৰি লয়। বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে বিগত সময়তো পাকিস্তান সেনাৰ জোৱান আৰু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি এনেধৰণৰ আক্ৰমণ চলাইছিল।

ইয়াৰোপৰি মাৰ্চ মাহত কুৱেটৰ পৰা পেছাৱাৰলৈ ৪৪০ জন যাত্ৰী কঢ়িয়াই অনা জাফৰ এক্সপ্ৰেছক বিএলএৰ বিচ্ছিন্নতাবাদীয়ে অপহৰণ কৰিছিল, য’ত ২১ জন সাধাৰণ নাগৰিক আৰু চাৰিজন জোৱান নিহত হৈছিল।

ভাৰত-পাকিস্তান পাকিস্তান বেলুচ লিবাৰেশ্যন আৰ্মী