Advertisment

সাৱধান! সুলভ মূল্যৰ দোকানীলৈ ব্লেক মেইলিঙৰ জাল দুষ্ট চক্ৰৰ

সুলভ মূল্যৰ দোকানীক ব্লেক মেইলিং কৰি ধন ঘটাৰ চেষ্টা চলাইছে এটা বহিঃ ৰাজ্যৰ বৃহৎ চক্ৰই। ১নং চতিয়া সমবায় সমিতিৰ একাংশ সুলভ মূল্যৰ দোকানীলৈ 9779788497 নম্বৰৰ পৰা বিভাগীয় বিষয়া বুলি পৰিচয় দি আপোনাৰ দোকানৰ ওপৰত অভিযোগ আহিছে বুলি জনায়।

author-image
Asomiya Pratidin
New Update
dfdfdf

ডিজিটেল  সংবাদ,জামুগুৰিহাটঃ অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অনুমোদিত সুলভ মূল্যৰ দোকানীক ব্লেক মেইলিং কৰি ধন ঘটাৰ চেষ্টা চলাইছে এটা বহিঃ ৰাজ্যৰ বৃহৎ চক্ৰই। ১নং চতিয়া সমবায় সমিতিৰ একাংশ সুলভ মূল্যৰ দোকানীলৈ 9779788497 নম্বৰৰ পৰা বিভাগীয় বিষয়া বুলি পৰিচয় দি আপোনাৰ দোকানৰ ওপৰত অভিযোগ আহিছে বুলি জনায়।

Advertisment

লগতে কয় যে, ই-পোষ্ট মেচিনৰ জড়িয়তে আমি জানিব পাৰিছো যে আপুনি  দোকানখন বন্ধ ৰাখে। ফলত ৰাইজে খাদ্য সামগ্ৰী সময় মতে নাপায় ৷ বহুত মানুহক আপুনি সামগ্ৰী নিদিয়ে এই ধৰণৰ কথা কৈ লাইচেন্স বাতিলৰ ভাবুকি দি ৬ হেজাৰৰ পৰা ৯ হাজাৰ টকা দাবী কৰে।

এই ঘটনাৰ পিছত সুলভ মূল্যৰ দোকানী সকলে বিশ্বনাথ জিলাৰ যোগান বিভাগক অৱগত কৰাৰ পিছত যোগান বিভাগে স্পষ্ট কৰিছে যে এই কাম কোনো দুষ্ট চক্ৰৰ। এই ধৰণে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে গুৱাহাটীৰ পৰা ফোন কৰাটো সম্ভৱ নহয় ৷ বিভাগীয় নিৰ্দেশনা থাকিলে জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগলৈ আহিব।

অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ নামলৈ ব্লেক মেইলিঙৰ জাল পেলোৱাটো আচাৰ্য জনক বিষয়।
চতিয়াতে নহয় সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ সুলভ মূল্যৰ দোকানীক এইদৰে ভয় ভাবুকি দেখুৱাই ধন ঘটিছে এই চক্ৰটোৱে।

 

সুলভ মূল্য