বিহালীৰ বৰজাৰণিত বালি- শিলৰ ক’লা বজাৰ : নিৰ্বিকাৰ বন বিভাগ

বিহালীৰ বৰজাৰনিৰ চোৰাং বালি মাফিয়াৰ সৈতে বাংলাদেশৰ কানেকচন লাভ কৰিছে বন বিভাগে ৷ অভিযোগ অনুসৰি বাংলাদেশৰ পৰা অবৈধভাৱে অনা মেচিনৰে বৰগাং নদীত বালি খান্দিছে বালি মাফিয়াই...

author-image
Asomiya Pratidin
New Update
বিহালীৰ বৰজাৰণিত বালি- শিলৰ ক’লা বজাৰ : নিৰ্বিকাৰ বন বিভাগ

ডিজিটেল সংবাদ, বিহালী : বিহালীৰ বৰজাৰনিৰ চোৰাং বালি মাফিয়াৰ সৈতে বাংলাদেশৰ কানেকচন লাভ কৰিছে বন বিভাগে ৷ অভিযোগ অনুসৰি বাংলাদেশৰ পৰা অবৈধভাৱে অনা মেচিনৰে বৰগাং নদীত বালি খান্দিছে বালি মাফিয়াই ৷ পূৱ শোণিতপুৰ বন সংমণ্ডলৰ "প্ৰটেকচন স্কোৱাদ ৰেঞ্জ"য়ে অভিযান চলাই বৰজাৰনীৰ দুনৈমুখৰ পৰা জব্দ কৰিলে অবৈধভাৱে ভাৰতলৈ অনা তিনিটাকৈ বাংলাদেশী বালি খন্দা মেচিন ৷ 

Advertisment

তাৰোপৰি ভাৰতত ব্যৱহাৰ কৰাৰ অনুমতি নথকা এই বালি খন্দা মেচিন অতি গোপনে অসমলৈ আনি চোৰাং বালিৰ মাফিয়াই চলাই আহিছিল লুন্ঠন ৷ বাংলাদেশৰ "মোস্তাফা ইঞ্জিনিয়াৰিং'' নামৰ প্ৰতিষ্ঠানটোত নিৰ্মান কৰা হৈছিল এই বালি খন্দা মেছিন  ৷ 

জানিব পৰা মতে আধুনিক প্ৰযুক্তিৰ এই মেচিনৰ জৰিয়তে নদীত পাইপ লগাই ডাম্পাৰত বালি ভৰ্তি কৰা হয় আৰু ১৫ মিনিটৰ ভিতৰতে ভৰ্তি হৈ পৰে এখন ডাম্পাৰ ৷  "প্ৰটেকচন স্কোৱাদ ৰেঞ্জ"ৰ অভিযানৰ খবৰ পাই পলায়ন কৰে বালি মাফিয়াই ৷ 

আনহাতে চোৰাং বালি মাফিয়াৰ চক্ৰটোক কৰায়ত্ত কৰাৰ বাবে বন বিভাগে অভিযান অৱ্যাহত ৰাখিছে ৷ বাংলাদেশৰ সৈতে বৰজাৰনিৰ বালি মাফিয়াৰ কানেকচনে এতিয়া সকলোকে আচৰিত কৰি তুলিছে আৰু বাংলাদেশত তৈয়াৰী এনেকুৱা মেচিন কেনেকৈ অসমলৈ আহিল তাক লৈ চৰ্চা চলিছে ৷

assam forest department bihali