/asomiyapratidin/media/media_files/2025/04/24/gMsAq1YVYTBjuDRTgyUU.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰঙাপৰা সমষ্টিৰ ঘোঁৰামাৰীত অনুষ্ঠিত হয় পঞ্চায়ত নিৰ্বাচনৰ বিজয় সংকল্প সমাৰোহ । ঘোঁৰামাৰীৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিজয় সংকল্প সমাৰোহত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, ৰঙাপৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সাংসদ পল্লৱ লোচন দাস, ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, শোণিতপুৰ জিলাৰ সভানেত্ৰী মধুস্মিতা হাজৰিকা ডেকাকে ধৰি কেইবাগৰাকী দলীয় নেতা উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2025/04/24/XejRLa0BHGtVTOPq5Z6i.jpg)
নিৰ্বাচনী সভাত ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা জিলা পৰিষদ ক্ৰমে বালিপৰা জিলা পৰিষদৰ সদস্যা মধুস্মিতা দাস তীৰু, ফুলবাৰী জিলা পৰিষদৰ সদস্য বিকি তাঁতী, ফুলগুৰি জিলা পৰিষদৰ সদস্যা কুসুম তাঁতী আৰু মানশিৰি জিলা পৰিষদৰ সদস্যা মনিশা উপ্যাধায়ৰ লগতে ১৭ খন গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য-সদস্যাৰ হৈ প্ৰচাৰ চলায়।
/asomiyapratidin/media/media_files/2025/04/24/80hLJ4HfB7A856nHZUrv.jpg)
উল্লেখযোগ্য যে, এই সভাৰ পৰাই কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই । ভাৰত চৰকাৰৰ গৃহ বিভাগক ঘটনাটিক অতি গুৰুত্ব সহকাৰে দূষ্কৃতিকাৰীক বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহাৰ দাবী জনাই সভাপতি তথা সাংসদগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us