/asomiyapratidin/media/media_files/2025/08/03/ggggggg-2025-08-03-17-43-11.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ "অগ্রগামী বিটিআৰৰ বাবে ভাৰতীয় জনতা পার্টি" শ্ল'গানেৰে বিজেপিয়ে ইতিমধ্যে সমগ্র বিটিআৰত সাংগঠনিক ভেটি সবল কৰি তুলিছে। অহা ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া বিটিআৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলে মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত বিটিআৰৰ অন্তর্ভূক্ত পাঁচোখন জিলাত ২ আগষ্টৰ পৰা 'বিজয় সংকল্প সভা' আৰম্ভ কৰিছে। ইতিমধ্যে আৰম্ভ হোৱা এই অভিযানৰ অংশ হিচাপে ওদালগুৰি জিলাৰ খালিংদুৱাৰ আৰু মুদৈবাৰী-হৰিশিঙাত ২ আগষ্টৰ দিনা 'বিজয় সংকল্প সভা' অনুষ্ঠিত হৈ যায়।
ঠিক একেদৰে ৩ আগষ্টৰ দিনা তামুলপুৰ জিলাৰ দৰঙ্গাজুলি, নাগ্রীজুলি আৰু শুক্লাই চেৰফাংত 'বিজয় সংকল্প সভা' অনুষ্ঠিত হয়। অহা ৫ আগষ্টৰ দিনা চিৰাং জিলাৰ থুৰিবাৰী, চুবাইঝাৰ আৰু মানস-চেৰফাণ্ডত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত 'বিজয় সংকল্প সভা' অনুষ্ঠিত হ'ব। জিলাখনৰ কাজলগাঁও, নিচিমা, চিৰাংদুৱাৰ আৰু চিৰাং পৰিষদীয় সমষ্টিত মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ উপস্থিতিত 'বিজয় সংকল্প সভা' অনুষ্ঠিত হ'ব বুলি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শর্মাই উল্লেখ কৰিছে।
ঠিক একেদৰে বাক্সা জিলাৰ মুছলপুৰ আৰু মঠনগুৰিত ৪ আগষ্টৰ দিনা তথা দিহিৰা আৰু কোকলাবাৰী পৰিষদীয় সমষ্টিত ১০ আগষ্টৰ দিনা মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ উপস্থিতিত 'বিজয় সংকল্প সভা' অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ উপস্থিতিত কোকৰাঝাৰ জিলাৰ ১২ টা পৰিষদীয় সমষ্টি সামৰি ৭, ১২ আৰু ১৯ আগষ্টৰ দিনা 'বিজয় সংকল্প সভা' অনুষ্ঠিত হ'ব বুলি ৰাজ্যিক বিজেপি মুখপাত্ৰ গৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, ধুবুৰী, গোৱালপাৰা, গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযানৰ ইতিবাচক প্রভাৱ বিটিআৰৰ সামাজিক জীৱনতো পৰিছে। ইয়াৰ এক স্পষ্ট ছবি ২ আগষ্টৰ দিনা ওদালগুৰি জিলাৰ বিভিন্ন প্রান্তত দেখিবলৈ পোৱা গৈছিল। অগ্রগামী বিটিআৰৰ সংকল্পৰে বিজেপিৰ ওদালগুৰি জিলাই আয়োজন কৰা 'বিজয় সংকল্প সভা'ত অংশগ্রহণ কৰিবলৈ যোৱা মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মাক জিলাখনৰ ৰাইজে সমগ্ৰ অসমৰ লগতে বিটিআৰৰ নির্দিষ্ট কিছুমান স্থানতো উচ্ছেদ চলাবৰ কাৰণে অনুৰোধ কৰে" এই মন্তব্য বিজেপি, অসম প্ৰদেশৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।
মুখপাত্রগৰাকীয়ে লগতে সদৰি কৰে যে, জিলাখনৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ 'বিজয় সংকল্প সভা'ত অংশগ্রহণ কৰি মঙ্গলদৈ লৈ ঘুৰি অহাৰ পথত হাজাৰ হাজাৰ মানুহে মুখ্যমন্ত্ৰীৰ কনভয় ৰখাই লৈ ফুলৰ মালা, গামোছা আদিৰে সম্বর্ধনা জনোৱাৰ লগতে উচ্ছেদ অভিযান অব্যাহত ৰাখিবলৈ মুখ্যমন্ত্রীক আহ্বান জনায়। মঙ্গলদৈ অভিমুখী কলাইগাঁও-বেংমাৰী পথৰ বালিপাৰা চ'ক আৰু খৈৰাপাৰাই চ'কত হাজাৰ হাজাৰ মানুহ সমবেত হৈ মুখ্যমন্ত্রীক উচ্ছেদ অভিযান অব্যাহত ৰখাৰ বাবে আশীর্বাদ প্রদান কৰাৰ লগতে কোনো কাৰণতে মিঞাৰ উচ্ছেদ স্থগিত নাৰাখিবলৈ আহ্বান জনায়" বুলিও মন্তব্য কৰে ৰঞ্জীৱ কুমাৰ শৰ্মাই।
ইফালে, মাধ্যম আন্দোলনৰ শ্বহীদ মোজাম্মিল হ'কৰ চহৰ মঙ্গলদৈৰ থলুৱা ইছলাম ধর্মী লোকসকলেও ৰাজপথলৈ ওলাই আহি মুখ্যমন্ত্রীক আদৰণি জনোৱাৰ এক বিৰল দৃশ্যৰ সাক্ষীহৈ ৰ'ল জিলাখন। উল্লেখযোগ্য যে, মঙ্গলদৈ চহৰৰ নিকটবর্তী নগৰবাহীত অঞ্চলটোৰ জনপ্রিয় গায়ক তথা কৌতুক অভিনেতা বুলবুল হুচেইনৰ নেতৃত্বত কেইবাশ লোকে মুখ্যমন্ত্ৰীৰ কনভয় ৰখাই সম্বর্ধনা জনোৱাৰ লগতে চৰকাৰী ভূমিৰ পৰা মিঞা বেদখলকাৰীৰ উচ্ছেদ অভিযান আৰু অধিক তীব্র কৰি তুলিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাই বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র গৰাকীয়ে বিবৃতিত উল্লেখ কৰে।