নৱনিৰ্বাচিত পৰিষদে ১৩ এপ্ৰিলৰ পূৰ্বে ল’ব শপত ! টংকেশ্বৰ ৰাভা নেতৃত্বাধীন নতুন পৰিষদত স্থান পাব বিজেপিৰ ৩সদস্যয়ো...

বিহুৰ পূৰ্বেই ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন হ’ব। ১১ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিলত শপত ল’ব মুখ্য কাৰ্যবাহী- কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্যসহ নৱনিৰ্বাচিত সদস্যসকলে

author-image
Asomiya Pratidin
New Update
টংকেশ্বৰ ৰাভা নেতৃত্বাধীন নতুন পৰিষদত স্থান পাব বিজেপিৰ ৩সদস্য

ডিজিটেল ডেস্ক : বিহুৰ পূৰ্বেই ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন হ’ব। ১১ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিলত শপত ল’ব মুখ্য কাৰ্যবাহী- কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্যসহ নৱনিৰ্বাচিত সদস্যসকলে। উল্লেখ্য যে, ৪ এপ্ৰিলৰ ভোটগণনাত যৌথ সংগ্ৰামী মঞ্চ আৰু বিজেপি মিত্ৰজোঁটে ৩৬জনীয়া স্বায়ত্ব পৰিষদৰ ৩৩খনতে জয়লাভ কৰে।

Advertisment

ইয়াৰে ৬খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ৬খন আসনেই টংকেশ্বৰ ৰাভা নেতৃত্বাধীন ৰাভা হাছং যৌথ সংগ্ৰামী মঞ্চৰ পূৰ্ণ সমৰ্থনত এই ৬খন আসনেই এইবাৰ বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হয়। প্ৰণিধানযোগ্য যে, বিগত নিৰ্বাচনতো বিজেপিয়ে যৌথ মঞ্চৰে মিত্ৰতা কৰি ৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ১খন আসনতহে বিজয় সাৱ্যস্ত কৰাৰ বিপৰীতে এখনত অগপ আৰু আনখন কংগ্ৰেছে তেওঁলোকৰ পৰা কাঢ়ি নিবলৈ সক্ষম হয়।

সেইবাৰ যৌথ মঞ্চই ৩৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৩৩খনতেই জয়লাভ কৰে। সেই দিশৰ পৰা চাবলৈ গ’লে এইবাৰ যৌথ মঞ্চৰ আৰু বিজেপি মিত্ৰজোঁটৰ ধুমুহা বিৰোধী দল কংগ্ৰেছ প্ৰায় ধূলিসাৎ হৈ গ’লেও পোনপোটীয়াভাৱে প্ৰতিদ্বন্দ্বিতা কৰি সংগ্ৰামী যৌথ মঞ্চ প্ৰাৰ্থীয়ে বিজয় লাভ কৰা আসনৰ সংখ্যা ২৭লৈ হ্ৰাস পালে।

ইয়াৰ বিপৰীতে পূৰ্বৰ ১খন আসনৰ ঠাইত বিজেপিৰ আসন ৬খনলৈ বৃদ্ধি পালে। ইয়াৰ বিপৰীতে ৩৬জনীয়া পৰিষদত অগপ অস্তিত্বহীন হৈ পৰাৰ বিপৰীতে দুখন আসনত নিৰ্দলীয় আৰু এখন আসনতহে কংগ্ৰেছে বিজয় লাভ কৰিবলৈ সক্ষম হয়।

এনে প্ৰেক্ষাপটতে ৰাভা হাছংৰ বলিষ্ঠ সংগ্ৰামী ৰাজনৈতিক নেতা টংকেশ্বৰ ৰাভায়ে নৱনিৰ্বাচিত মিত্ৰজোঁটৰ সদস্যসকলক লৈ বিপুল সংখ্যা গৰিষ্ঠতাৰে পুনৰ স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্ব গ্ৰহণ কৰাতো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। ইয়াৰ সমান্তৰালভাৱে মিত্ৰজোঁটৰ সহযোগত ৬খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰি কেউখন আসন দখল কৰা বিজেপি দলৰ নিৰ্বাচিত সদস্যসকলৰ মাজৰ পৰা কম পক্ষেও ৩জন সদস্য পৰিষদৰ সভাপতি বা উপসভাপতিসহ কাৰ্যবাহী সদস্যৰ পদ লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।

এইক্ষেত্ৰত বিজেপিৰ প্ৰাৰ্থী হিচাপে আগিয়া পৰিষদীয় সমষ্টিৰ পৰা দ্বিতীয়বাৰলৈ নিৰ্বাচিত হোৱা বলিষ্ঠ নেত্ৰী সুচিত্ৰা নাথৰ নাম বিশেষভাৱে চৰ্চিত হৈছে। জানিব পৰা মতে নতুন ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব।

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ