শিলচৰত নুৰুল হুদাৰ প্ৰতিমূৰ্তি দাহ কৰি বিধায়ক গৰাকীক গ্ৰেপ্তাৰৰ দাবী

অবিলম্বে নুৰুল হুদাৰ বিধায়ক পদ খাৰিজ কৰিব লাগিব, নুৰুল হুদাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, নুৰুল হুদা হায় হায় আদি ধ্বনিৰে শিলচৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে জিলা বিজেপি।

author-image
Asomiya Pratidin
New Update
ুপৰ

ডিজিটেল সংবাদ,শিলচৰঃ  অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ ওপৰত কংগ্ৰেছ বিধায়ক নুৰুল হুদাই কৰা শাৰিৰীক নিগ্ৰহৰ প্ৰতিবাদত শিলচৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে। প্ৰতিবাদৰ মাজতে নুৰুল হুদাৰ প্ৰতিকৃতি দাহ কৰি কংগ্ৰেছী বিধায়ক গৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰো দাবী জনায় বিজেপি কৰ্মী সকলে।

dd

অবিলম্বে নুৰুল হুদাৰ বিধায়ক পদ খাৰিজ কৰিব লাগিব, কংগ্ৰেছ বিধায়কৰ গুণ্ডাগিৰী নামানো, জনজাতীয় সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ নামানো, নুৰুল হুদাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, নুৰুল হুদা হায় হায় আদি ধ্বনি দি পৰিস্থিতি উত্তাল কৰে বিজেপিয়ে। লগতে বিধায়ক হুদাক গ্ৰেপ্তাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাই জিলা বিজেপিৰ সভাপতি ৰূপম সাহাই।

কাছাৰ জিলা বিজেপিৰ উদ্যোগত ইটখলাস্থিত বিজেপিৰ জিলা কাৰ্যালয়ৰ পৰা এক সমদল কৰি ক্লাৱ ৰোডৰ ক্ষুদিৰাম মুৰ্তিৰ তলত এই প্ৰতিবাদী অৱস্থান কাৰ্যসূচী পালন কৰে বিজেপিয়ে।

vvv

প্ৰতিবাদী কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি ৰূপম সাহাৰ লগতে সাধাৰণ সম্পাদক কংকণ শিকদাৰ, অভ্ৰজ্যোতি চক্ৰবৰ্তী,সহ সম্পাদক অমিতাভ ৰাই, প্ৰসেনজিত ভট্টাচাৰ্য সহ জিলা বিজেপিৰ কেইবাগৰাকী নেতাই ভাষণ দি  বিধায়ক নুৰুল হুদা সহ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছৰ পৰা বিধায়ক গৰাকীক বহিষ্কাৰ কৰাৰো দাবী জনাই বিজেপিয়ে।

নুৰুল হুদা