শিৱসাগৰ –বিশ্বনাথত বিজেপিৰ অগ্ৰগতি, থমকি ৰোৱা নাই অগপ...

দেওবাৰে পুৱা ৮-০০ বজাৰ পৰা চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। এই ভোটগণনাৰ শেহতীয়া ফলাফল অনুসৰি শিৱসাগৰ আৰু বিশ্বনাথত বিজেপি আৰু অসম গণ পৰিষদে অগ্ৰগতি লাভ কৰিছে । 

author-image
Asomiya Pratidin
New Update
শিৱসাগৰ –বিশ্বনাথত বিজেপিৰ অগ্ৰগতি

শিৱসাগৰ –বিশ্বনাথত বিজেপিৰ অগ্ৰগতি

ডিজিটেল ডেস্ক : দেওবাৰে পুৱা ৮-০০ বজাৰ পৰা চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। এই ভোটগণনাৰ শেহতীয়া ফলাফল অনুসৰি শিৱসাগৰ আৰু বিশ্বনাথত বিজেপি আৰু অসম গণ পৰিষদে অগ্ৰগতি লাভ কৰিছে। 

তাৰোপৰি জিলা দুখনৰ কোনো কোনো পঞ্চায়তত, বিভিন্ন পদত দুয়োটা দলৰ প্ৰাৰ্থীয়ে জয়ৰ মুখ দেখিবলৈ সক্ষম হৈছে। শেহতীয়া ফলাফল অনুসৰি, শিৱসাগৰ বিধানসভাৰ অন্তৰ্গত কোঁৱৰপুৰ পঞ্চায়তৰ আঞ্চলিক সদস্য পদ বিজেপিৰ দখলত। বিজেপি প্ৰাৰ্থী মেহজেবিন ৰহমানে ১৭২৫টা ভোট লাভ কৰি জয়ী হয়। পঞ্চায়তখনত ৰাইজৰ দলে লাভ কৰে ১২৯৭টা ভোট। তাৰোপৰি কংগ্ৰেছে লাভ কৰে ৮৪৯টা ভোট। 

আনহাতে উক্ত বিধানসভাৰে দিখৌমুখ আঞ্চলিক পঞ্চায়তৰ সদস্য পদ দখল কৰে অসম গণ পৰিষদে। দলৰ প্ৰাৰ্থী অনু দত্তই ১৬২৩টা ভোট লাভ কৰি সদস্য হিচাপে নিৰ্বাচিত হয়। একেদৰে বিজেপিয়ে লাভ কৰে ১৪০৪টা ভোট।

ইফালে দিচাংমুখ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপি প্ৰাৰ্থী মাজনী মিলি জয়ী হয়। তেওঁ লাভ কৰে ২৬১৩টা ভোট। ৰাইজৰ দলে লাভ কৰা ভোট সংখ্যা ২৪০৩টা। একেদৰে অসম গণ পৰিষদ লাভ কৰে মাত্ৰ ৫৬৭টা ।

শেহতীয়া খবৰ অনুসৰি বিশ্বনাথত ২ নং সাকোমঠা জিলা পৰিষদত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। উল্লেখযোগ্য যে, বিশ্বনাথৰ চাৰিওটা জিলা পৰিষদত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। নিৰ্বাচনৰ ফলাফল অনুসৰি, বিশ্বনাথৰ ১,নং ছোৱাগুৰি পঞ্চায়তৰ ৬ নং ৱাৰ্ডত আৰফিনা খাতুনে জয়লাভ কৰিছে। 

একেদৰে ৩ নং ৱাৰ্ডত জমিল হক, ১ নং ছোৱাগুৰী পঞ্চায়তৰ ২নং ৱাৰ্ডৰ মৰ্জিনা বেগমে জয়লাভ কৰিছে। আনহাতে, বিশ্বনাথৰ পুৱ নাগশংকৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বিজেপিৰ গীতাঞ্জলী বৰঠাকুৰ বৰাই জয়লাভ কৰিছে। তাৰোপৰি দক্ষিণ নাগশংকৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বিজেপিৰ ববিতা চেত্ৰীৰ জয়লাভ।

পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত