বিজেপিৰ উত্তৰ-পূৱৰ প্ৰতিষ্ঠাতা কবীন্দ্ৰ পুৰকায়স্থৰ ৯৪ সংখ্যক জন্মদিন উদযাপন

উত্তৰ- পূৰ্বাঞ্চল বিজেপিৰ পিতামহ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেওবাৰে ৯৪ সংখ্যক জন্মদিন পালন কৰা হয়। কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়ত বৰ্ষীয়ান নেতাগৰাকীৰ ওপজা দিন পালন কৰে জিলা বিজেপিৰ কাৰ্যকৰ্তাসকলে

author-image
Asomiya Pratidin
New Update
dfj

ডিজিটেল সংবাদ, শিলচৰ : উত্তৰ- পূৰ্বাঞ্চল বিজেপিৰ পিতামহ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেওবাৰে ৯৪ সংখ্যক জন্মদিন পালন কৰা হয়। কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়ত বৰ্ষীয়ান নেতাগৰাকীৰ ওপজা দিন পালন কৰে জিলা বিজেপিৰ কাৰ্যকৰ্তাসকলে। 

Advertisment

দলীয় কৰ্মীসকলৰ উপস্থিতিত অসুস্থ দেহাৰে নিজেই কেক কাটে বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থই। দীৰ্ঘদিন ধৰি অসুস্থ হোৱা বিজেপি নেতাজনক শিলচৰৰ নতুন পট্টিস্থিত বাসগৃহৰ পৰা এখন গাড়ীৰে ইটখলাৰ দলীয় কাৰ্যলয়লৈ লৈ অহা হয়। 

d

ইয়াৰ পিছত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত কেক কাটি ৯৪ সংখ্যক জন্মদিন পালন কৰা হয় জ্যেষ্ঠ নেতাগৰাকীৰ। ইয়াৰ পূৰ্বে চাদৰ আৰু ফুলৰ তোৰা উপহাৰ দি জন্মদিনৰ শুভেচ্ছা জনাই জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয়সহ বিজেপিৰ কাৰ্যকৰ্তা তথা কবীন্দ্ৰ বাবুৰ শুভকাংখীসকলে।

ইফালে,অসুস্থতাৰ বাবে বেছি কথা ক’ব নোৱাৰা কবীন্দ্ৰ পুৰকায়স্থই তেওঁৰ ৯৪ সংখ্যক জন্মদিন পালন কৰা বাবে বিজেপিৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জনায়। অনুষ্ঠানত সংক্ষিপ্ত ভাষণ প্ৰদান কৰি জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয়ে কয় যে ১৯৮০ চনৰ ৬ এপ্ৰিলত দিল্লীৰ ফিৰোছা কোটা ময়দানত বিজেপি দলৰ প্ৰতিষ্ঠা হৈছিল। 

zsr

সেইদিনাই কবীন্দ্ৰ পুৰকায়স্থৰ নেতৃত্বত উত্তৰ- পূৱৰ ভিতৰত প্ৰথম কাছাৰ জিলা বিজেপিৰ কাৰ্যালয় স্থাপন হয়। তেতিয়াৰে পৰা দলটোক বিস্তাৰ কৰাৰ ক্ষেত্ৰত পুৰকায়স্থই অহৰহ চেষ্টা চলাই আহিছে। 

এই বৰ্ষীয়ান নেতাজনৰ বাবেই উত্তৰ- পূৱত দলটো শক্তিশালী হৈছে। তেখেতৰ চেষ্টাৰ ফলতে অসমত দ্বিতীয়বাৰলৈ বিজিপি দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে।‌ তেনে এগৰাকী নেতাৰ ৯৪ সংখ্যক জন্মদিন পালন কৰিব পৰাতো কাছাৰ বিজেপিৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে জিলা সভাপতিগৰাকীয়ে। 

পূৰ্বৰ জিলা বিজেপিৰ সিদ্ধান্ত মৰ্মে প্ৰতি বছৰৰ দৰে এইবাৰো কবীন্দ্ৰ পুৰকায়স্থৰ জন্মদিন জিলা বিজেপিৰ কাৰ্যালয়ত উদযাপন কৰা হয়। এই কাৰ্যালয়ত বিজেপিৰ বৰ্ষীয়ান নেতাজনৰ ১০০ সংখ্যক জন্মদিন উদযাপন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে সভাপতি বিমলেন্দু ৰয়ে ।

অসম বিজেপি বিজেপি চৰকাৰ বিজেপি