/asomiyapratidin/media/media_files/2025/05/12/UWhkd4aCu03eMWayZlA1.jpg)
জিলা পৰিষদ আসন
ডিজিটেল সংবাদ, শিলচৰ : ৰাজ্যত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত শিলচৰত মুখথেকেছা খালে বিজেপিয়ে। বিজেপিৰ অক্ষয় দুৰ্গ হিচাপে পৰিচিত সমষ্টিটোত লক্ষ্যণীয়ভাৱে উত্থান ঘটে কংগ্ৰেছৰ।
শিলচৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত একমাত্ৰ জিলা পৰিষদ আসনত বিজেপিৰ প্ৰাৰ্থীগৰাকী শোচনীয়ভাৱে পৰাজিত হয়। শিলচৰ জিলা পৰিষদৰ আসনত কংগ্ৰেছ প্ৰাৰ্থী নুৰ ইছলাম বৰভুঞাই বিজেপি প্ৰাৰ্থী পীযুষ কান্তি পালক ১৪২১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয়।
উল্লেখযোগ্য যে, নুৰ ইছলামে ১০,৩০৫ টা ভোট লাভ কৰাৰ বিপৰীতে পীযুষ কান্তি পালে ৮৮৮৪ টা ভোট লাভ কৰে। বিজেপিৰ দখলত থকা অতি মৰ্যদাপূৰ্ণ সমষ্টিটোৰ অন্তৰ্গত একমাত্ৰ জিলা পৰিষদ আসনত শাসকীয় দল বিজেপিৰ প্ৰাৰ্থী পৰাজিত হোৱা বিষয়টোৱে ইতিমধ্যে কাছাৰ বিজেপিত ধুমুহাৰ সৃষ্টি কৰিছে।
শিলচৰৰ বিধায়ক দিপায়ন চক্ৰৱৰ্তীৰ অহংকাৰৰ বাবেই বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ শোচনীয় পৰাজয় হোৱা বুলি চৰ্চিত হৈছে। শিলচৰ সমষ্টিৰ একমাত্ৰ জিলা পৰিষদৰ আসনখনত বিজেপিৰ শোচনীয় পৰাজয় হোৱাৰ লগে লগে ২০২৬ চনত দিপায়ন চক্ৰৱৰ্তীয়ে পুনৰ দলীয় টিকট পাব নে নাই সেই বিষয়টোৱেও এই মুহূৰ্ত্তত বিশেষ চৰ্চা লাভ কৰিছে।
ইফালে, কংগ্ৰেছ প্ৰাৰ্থী নুৰ ইছলাম বৰভুঞা জয়ী হোৱাৰ পিছত প্ৰাৰ্থীগৰাকীক লৈ আনন্দত মতলীয়া হোৱা দেখা গৈছে শিলচৰ জিলা কংগ্ৰেছ সভাপতি অভিজিত পালসহ কংগ্ৰেছ কৰ্মীসকলক।