/asomiyapratidin/media/media_files/2025/05/01/RIHElbgCqsRbkroUk6XZ.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : "ধিং সমষ্টিত ২০২৬ চনৰ নিৰ্বাচনত হ’বলৈ গৈ আছে চমৎকাৰ। ২৬ত বিধানসভালৈ ধিঙৰ পৰা যাব বিজেপিৰ বিধায়ক" এই মন্তব্য সুৰেশ বৰাৰ। গ্ৰাম্যাঞ্চলত পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বিভিন্ন দলে। চামগুৰি সমষ্টি দখলৰ পিছত নব্বৈ শতাংশ সংখ্যালঘু অধ্যুষিত সমষ্টি নৱগঠিত ৫৫ নং ধিং বিধানসভা সমষ্টি দখলৰ লক্ষ্যত বিজেপি দল।
এইবাৰ পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোৰ প্ৰতিটো জিলা পৰিষদ সমষ্টিৰ চুকে কোণে বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপি নেতা সুৰেশ বৰা আৰু গৌতম বৰাই। বুধবাৰে নিশা প্ৰায় ১২বজালৈ বালিসত্ৰ জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থী এ কে ছামচুল আলমৰ হৈ প্ৰচাৰ চলায় নেতাদ্বয়ে।
এসময়ত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দূৰ্গ হিচাপে পৰিচিত সমষ্টিটোত নিশাৰ ভাগলৈ দেখা গ’ল শ শ ৰাইজৰ উপস্থিতি। প্ৰচাৰ সভাত জিলা পৰিষদৰ প্ৰাৰ্থীৰ লগতে আঞ্চলিক সদস্যাৰ বিজেপিৰ প্ৰাৰ্থী সকলকো জয়ী কৰোৱাৰ আহ্বান জনায়।
উল্লেখ্য যে এই নিৰ্বাচনী প্ৰচাৰ সভাতেই বিভিন্ন দলৰ সহস্ৰাধিক নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। ইফালে "কংগ্ৰেছে টকালৈ টিকট বেচিছে, যাৰ বাবে আমি বিজেপি দলত যোগদান কৰিছোঁ।" বুলি ক্ষোভেৰে কংগ্ৰেছ দল ত্যাগ কৰা জনতাই মন্তব্য কৰে।