গহপুৰত বিজেপি কৰ্মীৰ গুণ্ডাগিৰি ! ব্লক কংগ্ৰেছৰ সভাপতি হেমকান্ত বৰুৱাক প্ৰহাৰ

সততে নীতি-আদৰ্শ আৰু সংস্কাৰৰ কথা কোৱা শাসকীয় বিজেপি দলত এতিয়া পয়োভৰ ঘটিছে গুণ্ডাৰাজ সংস্কৃতিৰ। পঞ্চায়ত নিৰ্বাচনৰ দৰে এটা সাধাৰণ নিৰ্বাচনত বাহুবলেৰে জয়ী হোৱাৰ নিকৃষ্ট স্বাৰ্থত এতিয়া মাৰপিটৰ

author-image
Asomiya Pratidin
New Update
ব্লক কংগ্ৰেছৰ সভাপতি হেমকান্ত বৰুৱাক প্ৰহাৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ : সততে নীতি-আদৰ্শ আৰু সংস্কাৰৰ কথা কোৱা শাসকীয় বিজেপি দলত এতিয়া পয়োভৰ ঘটিছে গুণ্ডাৰাজ সংস্কৃতিৰ। পঞ্চায়ত নিৰ্বাচনৰ দৰে এটা সাধাৰণ নিৰ্বাচনত বাহুবলেৰে জয়ী হোৱাৰ নিকৃষ্ট স্বাৰ্থত এতিয়া মাৰপিটৰ দৰে ঘটনা সংঘটিত কৰিছে বিজেপিৰ গুণ্ডাবাহিনীয়ে।

Advertisment

গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱ ছয়দুৱাৰত শনিবাৰে সন্ধিয়া বিজেপিৰ ১৫/২০ জনীয়া এটা দলে সম্পূৰ্ণ মাফিয়াৰ কায়দাৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে ৬০ বছৰ উৰ্ধৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাক। জানিব পৰা মতে পূৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থকা হেমকান্ত বৰুৱা কালি সন্ধিয়া প্ৰায় ৭ বজাত প্ৰাৰ্থীৰ প্ৰ-পত্ৰ স্কুটিনিৰ কামত ব্যস্ত আছিল পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়ত কাৰ্য্যলয়ত।

তেনেতে প্ৰায় ১৫/২০ জনীয়া এটা বিজেপিৰ যুৱকৰ দল সোমাই আহি "তহঁতে কংগ্ৰেছ কৰিব নালাগে", "ইয়াত সব বিজেপি জিকিব", "কংগ্ৰেছৰ কাম নাই" আদি তীক্ষ্ণ বাক্যৰে হেমকান্ত বৰুৱাক কথাৰে ভয় দেখুৱাই। ইয়াৰ পিছত যুৱকৰ দলটোৱে বগৰাই বগৰাই প্ৰহাৰ কৰে হেম কান্ত বৰুৱাক। ফলত দেহৰ বিভিন্ন অংশত গুৰুতৰভাৱে আঘাত পাই তেওঁ।

পিছত চিকিৎসাৰ বাবে ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় তেওঁক। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে তেওঁ। এই সম্পৰ্কে হেমকান্ত বৰুৱাই কালিয়েই গহপুৰ আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ।

এজাহাৰখনত তেওঁ ভাস্কৰ মুদৈ (নিগম) আৰু পূৰ্ণেশ্বৰ বৰা(কোচগাঁও)ৰ নাম মূল অভিযুক্ত হিচাপে উল্লেখ কৰিছে। বিজেপিৰ দলটোৱে তেওঁক প্ৰাণে মাৰিবলৈ চেষ্টা কৰা বুলি এজাহাৰত উল্লেখ কৰিছে। ইপিনে বিজেপিৰ গুণ্ডাবাহিনীয়ে চলোৱা আক্ৰমণৰ বিৰুদ্ধে দেওবাৰে গহপুৰৰ কংগ্ৰেছ কাৰ্য্যলয়ত পূৱ ছয়দুৱাৰ আৰু ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটিয়ে এক সংবাদমেল সম্বোধন কৰি দোষীৰ বিৰূদ্ধে কঠোৰ শাস্তিৰ দাবী জনায়।

পিতৃসম এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীক যুৱকৰ দলটোৱে মাফিয়াৰ কায়দাৰে প্ৰহাৰ কৰি যি উন্মাদ আচৰণ প্ৰদৰ্শন কৰিলে সেয়া গণতন্ত্ৰৰ পৰিপন্থী বুলি সংবাদমেলখনৰ জৰিয়তে উল্লেখ কৰে ব্লক কংগ্ৰেছৰ নেতৃত্বই। এইক্ষেত্ৰত গহপুৰ আৰক্ষীয়ে দোষী বিজেপি কৰ্মীসকলৰ বিৰুদ্ধে কেনেধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব নিতান্তই লক্ষণীয় ।

gohpur