/asomiyapratidin/media/media_files/2025/04/05/DqQFBpp1wzOmMqPp7nok.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : শনিবাৰে মঙলদৈত বিজেপিৰ এখন কৰ্মী সভাত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ দাস ৷ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰণজিৎ দাসে একত্ৰিতভাৱে দলীয় কৰ্মীক যুঁজ দিবলৈ আহ্বান জনায় ৷
তাৰোপৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৭০% আসন বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰী ৰণজিৎ দাসে ৷ লগতে তেওঁ কয়- মিত্ৰ দল অসম গণ পৰিষদৰ লগত বুজাবুজি মৰ্মে আসন ভাগ বাটোৱাৰা কৰিব বিজেপি দলে।
উল্লেখযোগ্য যে, আজিৰ এই কৰ্মী সভাত জিলা বিজেপিৰ সভাপতি মুকুন্দ ডেকা, উপ সভাপতি প্ৰতাপ বৰদলৈ, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ লগতে জিলা বিজেপিৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল উপস্থিত থাকে।