/asomiyapratidin/media/media_files/2025/05/02/ClAcJ5ylOjy6MAOhMGP6.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ পুৱা ৭.৩০বজাৰে পৰা অসমৰ ১৪খন জিলাত অব্যাহত আছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। শান্তিপূৰ্ণভাৱে সকলো ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অব্যাহত আছে যদিও লখিমপুৰৰ এটা ভোটকেন্দ্ৰত সংঘটিত হৈছে এক আজৱ কাণ্ড।
লখিমপুৰ জিলাৰ ৮নম্বৰ সোৱণশিৰি জিলা পৰিষদ সমষ্টিৰ ঘূণাসুঁতি পঞ্চায়তৰ ১৩নং মিৰি জীয়ৰী হাইস্কুলৰ ভোট কেন্দ্ৰত সংঘটিত হৈছে এই অদ্ভুত কাণ্ড। পঞ্চায়তখনৰ আঞ্চলিক পঞ্চায়তৰ বিজেপি দলৰ সদস্য পদৰ প্ৰাৰ্থী গংগা সিং টাইদে ভোটদান কৰি বেলট পেপাৰ আপলোড কৰিলে সামাজিক মাধ্যমত।
প্ৰাৰ্থীগৰাকীৰ এই কাৰ্যক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নীতি বৰ্হিভূতভাৱে প্ৰাৰ্থীগৰাকীয়ে এনে কেনেকৈ কৰিবলৈ পালে বুলি সচেতন নাগৰিকে প্ৰশ্ন উত্থাপন কৰিছে। লগতে প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।