কাইলৈ ভোটগ্ৰহণ, মহামায়া দেৱালয়ত পূজা অৰ্চনা বিজেপিৰ ৰাজ্যিক সভাপতিৰ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত পৰ্বতঝোৰাৰ শক্তিপীঠ মা মহামায়া দেৱালয়ত আশীষ বিচাৰি উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া। মাৰ শ্ৰীচৰণত সেৱা আগবঢ়াই সভাপতিগৰাকীয়ে

author-image
Asomiya Pratidin
New Update
মহামায়া দেৱালয়ত পূজা অৰ্চনা বিজেপিৰ ৰাজ্যিক সভাপতিৰ

মহামায়া দেৱালয়ত পূজা অৰ্চনা বিজেপিৰ ৰাজ্যিক সভাপতিৰ

ডিজিটেল সংবাদ, পৰ্বতঝোৰা : পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত পৰ্বতঝোৰাৰ শক্তিপীঠ মা মহামায়া দেৱালয়ত আশীষ বিচাৰি উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া। মা মহামায়াত পূজা অৰ্চনা কৰি মাৰ শ্ৰীচৰণত সেৱা আগবঢ়াই সভাপতিগৰাকীয়ে । দিলীপ শইকীয়াই মন্দিৰত উপস্থিত হোৱাত দলীয় কৰ্মকৰ্তা আৰু মন্দিৰ পৰিচালনা সমিতিৰ পৰা আদৰণি জনোৱাৰ লগতে ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

Advertisment

সংবাদ মাধ্যমৰ আগত মন্তব্য ৰাখি দিলীপ শইকীয়াই সদৰি কৰে যে, "এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত পূৰ্বতকৈ অধিক ভাল ফলাফল হ'ব, ৰাইজৰ আশীৰ্বাদত অভূতপূৰ্ব ফলাফল হোৱাৰ সম্ভাৱনা আছে।" আনফালে "বিটিআৰ নিৰ্বাচনৰ বাবে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত ১৭জনীয়া এখন সমিতিয়ে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে" বুলি সদৰী কৰে সভাপতি গৰাকীয়ে।

ইফালে, পৰ্বতঝোৰা বাশবাৰীত আদানীক ভূমি প্ৰদান ঘটনা পোহৰলৈ অহাত স্থানীয় জন-জাতিৰ লোকে প্ৰতিবাদ কৰা সন্দৰ্ভত আৰু মা মহামায় স্নানঘাট মন্দিৰ ধুমুহাত ক্ষতি সাধন হোৱা বিষয়তো মন্তব্য প্ৰকাশ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদগৰাকীয়ে।

বিজেপি সাংসদ দিলীপ শইকীয়া দিলীপ শইকীয়া পঞ্চায়ত নিৰ্বাচন