/asomiyapratidin/media/media_files/2025/05/04/2cODPyjD3pBVPhHEfkHO.jpg)
'সংখ্যালঘু অঞ্চলতো কংগ্ৰেছৰ হাহাকাৰ অৱস্থা'
ডিজিটেল সংবাদ, গুৱাহাটীঃ ২ মে'ত অনুষ্ঠিত প্রথম পর্যায়ৰ পঞ্চায়ত নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৰঙানদী সমষ্টিত ভোট গ্রহণ অনুষ্ঠিত হৈ যায়। কিন্তু প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে গৃহ সমষ্টিতে এখনো সফল ৰাজহুৱা প্রচাৰ সভা আয়োজন কৰিব নোৱাৰিলে। তেওঁৰ গৃহ পঞ্চায়ত ভোগপুৰতো অনুষ্ঠিত নহ'ল কংগ্রেছৰ এখনো সভা। গুৱাহাটীৰ শীত-তাপ নিয়ন্ত্রিত হোটেলত সংবাদ মেল পাতি গর্জন কৰা ভুপেন বৰাক নিজৰ পঞ্চায়তৰ গঞাই এক প্রকাৰে নস্যাৎ কৰি দিলে বুলি সমালোচনা কৰিছে বিজেপিয়ে।
এক প্ৰেছ বিবৃতিৰ জৰিয়তে দলটোৰ মুখপাত্ৰই উল্লেখ কৰে যে, নাওবৈচা সমষ্টিৰ ৰাইজে স্থানীয় বিধায়ক ভৰত নৰহক পঞ্চায়ত নির্বাচনৰ প্ৰচাৰৰ সময়ত দেখাই নাপালে। "কংগ্রেছৰ পৰম্পৰাগত আসন বুলি পৰিচিত নাজিৰা বিধানসভা সমষ্টিত কংগ্রেছে আয়োজন কৰা সভাসমূহত মানুহৰ সেৰেঙা উপস্থিতিয়ে বিৰোধী দলপতি দেবব্রত শইকীয়াই ভৰিৰ তলৰ মাটি হেৰুৱাৰ স্পষ্ট ইংগিত বহন কৰে" বুলিও তীব্ৰ সমালোচনা কৰিছে বিজেপিয়ে।
"এককথাত ক'বলৈ গ'লে প্রথম পর্যায়ৰ নির্বাচনত থলুৱা খিলঞ্জীয়া ভূমিপুত্রৰ গাঁৱলৈ যাবই নোৱাৰিলে কংগ্রেছৰ নেতৃত্ব" বুলি কটাক্ষ কৰে বিজেপিয়ে। আনকি সাংসদ গৌৰব গগৈ সম্বন্ধেও কৰে তীৰ্যক মন্তব্য। "গৌৰৱ গগৈ উপস্থিত থকা সভাসমূহ আছিল সেৰেঙা আৰু নিস্তেজ " বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীব কুমাৰ শর্মাৰ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈকো সমালোচনা কৰে মুখপাত্ৰগৰাকীয়ে।