ডিজিটেল ডেস্কঃ ২০২৩-২৪ বিত্তীয় বৰ্ষত বিজেপিয়ে ব্যক্তি, ট্ৰাষ্ট আৰু কৰ্পৰেট সত্তাৰ পৰা প্ৰায় ২,২৪৪ কোটি টকাৰ বৰঙণি লাভ কৰিছিল। যিটো ২০২২-২৩ চনত লাভ কৰা অনুদানৰ তিনিগুণতকৈও অধিক। ইয়াৰ বিপৰীতে ২০২৩-২৪ বৰ্ষত একেটা পথেৰে কংগ্ৰেছে ২৮৮.৯ কোটি টকা লাভ কৰাৰ বিপৰীতে পূৰ্বৰ বছৰত ৭৯.৯ কোটি টকা লাভ কৰিছিল।
নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ ২০২৩-২৪ বৰ্ষৰ দুয়োটা দলৰ অৱদানৰ প্ৰতিবেদন অনুসৰি প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্টৰ পৰা বিজেপিয়ে ৭২৩.৬ কোটি টকা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে একেটা ট্ৰাষ্টৰ পৰা ১৫৬.৪ কোটি টকা লাভ কৰিছিল ।
মূলতঃ ২০২৩-২৪ চনত বিজেপিৰ অনুদানৰ প্ৰায় এক তৃতীয়াংশ আৰু কংগ্ৰেছৰ আধাতকৈ অধিক অনুদান প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্টৰ পৰা আহিছিল বুলি তথ্য প্ৰকাশ পাইছে । ২০২২-২৩ চনত প্ৰুডেণ্টৰ শীৰ্ষ দাতা হিচাপে আছিল মেঘা ইঞ্জি এণ্ড ইনফ্ৰা লিমিটেড, ছিৰাম ইনষ্টিটিউট, আৰ্চেলৰ মিট্টল গ্ৰুপ আৰু ভাৰতী এয়াৰটেল।
মন কৰিবলগীয়া যে বিজেপি আৰু কংগ্ৰেছে ঘোষণা কৰা মুঠ অনুদানৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ জৰিয়তে দিয়া বৰঙণি বাদ দিয়া হৈছে। নিয়ম অনুসৰি ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বণ্ডৰ ৰচিদ কেৱল বাৰ্ষিক অডিট ৰিপৰ্টতহে প্ৰকাশ কৰিব লাগিব । ববৰঙণিৰ ৰিপৰ্টত নহয়।
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড বাতিল কৰি পোনপটীয়াকৈ বা নিৰ্বাচনী ট্ৰাষ্টৰ জৰিয়তে আগবঢ়োৱা অৱদানক ৰাজনৈতিক দলসমূহৰ বাবে ধনৰ প্ৰধান উৎস হিচাপে ৰাখিছিল।
কিছুমান আঞ্চলিক দলে ২০২৩-২৪ চনৰ অৱদানৰ প্ৰতিবেদনত নিৰ্বাচনী বণ্ডৰ পৰা লাভ কৰা ধন স্বেচ্ছাই প্ৰকাশ কৰে। ইয়াৰ ভিতৰত আছে বণ্ডৰ পৰা ৪৯৫.৫ কোটি টকা লাভ কৰা বি আৰ এছ৬০ কোটি টকা লাভ কৰা ডি এম কে আৰু ৱাই এছ আৰ কংগ্ৰেছে এতিয়া বন্ধ হৈ পৰা আঁচনিৰ জৰিয়তে লাভ কৰিছিল ১২১.৫ কোটি টকা।
বিগত বছৰৰ তুলনাত ২০২৩-২৪ চনত বিজেপিৰ অৱদান ২১২% বৃদ্ধি পাইছে । ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ আগৰ বছৰত ২০১৮-১৯ বৰ্ষত বিজেপিয়ে ৭৪২ কোটি টকাৰ বৰঙণি পোৱাৰ বিপৰীতে কংগ্ৰেছে ১৪৬.৮ কোটি টকাৰ বৰঙণি লাভ কৰিছিল ।
নিৰ্বাচনী ট্ৰাষ্টৰ পথৰ জৰিয়তে বিজেপিয়ে ৮৫০ কোটি টকা লাভ কৰে । য'ত প্ৰুডেণ্টৰ পৰা ৭২৩ কোটিতকৈ অধিক, ট্ৰাইমফ ইলেক্টৰেল ট্ৰাষ্টৰ পৰা ১২৭ কোটি টকা আৰু আইনজিগাৰ্টিগ ইলেক্টৰেল ট্ৰাষ্টৰ পৰা ১৭.২ লাখ টকা লাভ কৰে। নিৰ্বাচনী ট্ৰাষ্টৰ পৰা কংগ্ৰেছে ১৫৬ কোটিৰো অধিক ধন লাভ কৰিছিল। এই সকলোবোৰ প্ৰুডেণ্টৰ পৰা আহিছিল।
প্ৰুডেণ্টে ২০২৩-২৪ চনত বি আৰ এছলৈ ৮৫ কোটি আৰু ৱাই এছ আৰ কংগ্ৰেছলৈ ৬২.৫ কোটি টকা বৰঙণি আগবঢ়াইছিল । বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ শাসকীয় দল টিডিপিয়ে লাভ কৰিছিল প্ৰুডেণ্টৰ পৰা ৩৩ কোটি টকা। ট্ৰাইমফ ইলেক্টৰেল ট্ৰাষ্ট আৰু জয়ভৰথ ট্ৰাষ্টৰ পৰা ডিএমকে লাভ কৰে ৮ কোটি টকা।
আমোদজনক কথাটো হ'ল ভাৰতৰ লটাৰী কিং নামেৰেও পৰিচিত চেণ্টিয়াগো মাৰ্টিনৰ মালিকানাধীন কোম্পানী ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিচেছৰ পৰা বিজেপিয়ে ২০২৩-২৪ চনত ৩ কোটি টকাৰ অনুদান লাভ কৰাৰ কথা ঘোষণা কৰিছিল।
নিৰ্বাচনী বণ্ড পথৰ জৰিয়তে অনুদান আগবঢ়োৱা ফিউচাৰ গেমিং আছিল শীৰ্ষত । তৃণমূল কংগ্ৰেছ শীৰ্ষ হিতাধিকাৰী আছিল। মাৰ্টিনৰ ধন সৰবৰাহৰ অভিযোগত বলবৎকাৰী সঞ্চালকালয় আৰু আয়কৰ বিভাগৰ তদন্ত চলি আছে।
আন আন ৰাষ্ট্ৰীয় দলসমূহৰ ভিতৰত আপে ২০২৩-২৪ চনত ১১.১ কোটি টকাৰ বৰঙণি লাভ কৰিছিল । যিটো পূৰ্বৰ বছৰৰ ৩৭.১ কোটি টকাৰ তুলনাত হ্ৰাস পাইছে। ২০২২-২৩ চনত চিপিএমৰ অনুদান ৬.১ কোটি টকাৰ পৰা ২০২৩-২৪ চনত ৭.৬ কোটি টকালৈ বৃদ্ধি পাইছে। মেঘালয়ৰ ক্ষমতাত থকা নেশ্যনেল পিপলছ পাৰ্টিয়ে ১৪.৮ লাখ টকাৰ বৰঙণি লাভ কৰাৰ বাতৰি প্ৰকাশ পাইছে।
বিএছপিয়ে ২০ হাজাৰ টকাতকৈ অধিক অনুদান লাভ নকৰাৰ কথা প্ৰকাশ কৰাৰ বিপৰীতে বিজেডিয়েও ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে কোনো অনুদান লাভ নকৰাৰ কথা ঘোষণা কৰিছে।
২০২৩-২৪ চনত টিডিপিয়ে ১০০ কোটিতকৈ অধিক বৰঙণি লাভ কৰাৰ বিপৰীতে বিজেডিয়ে কোনো অনুদান নোলোৱাৰ কথা ঘোষণা কৰিছিল। লগতে সমাজবাদী পাৰ্টিয়ে ৪৬.৭ লাখ টকাৰ আৰ্থিক অনুদান লাভ কৰাৰ কখা প্ৰকাশ পাইছে ।