বিজেপি কৰ্মীৰ প্ৰতিবাদত উত্তাল ধুবুৰী...

আক্ৰমণকাৰী বিধায়কক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই ধুবুৰী জিলা বিজেপিয়ে। প্ৰতিবাদৰ অন্তত বিধায়কক গ্ৰেপ্তাৰৰ দাবীত জিলা আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে ধুবুৰী জিলা বিজেপিয়ে।

author-image
Asomiya Pratidin
New Update
cdfd

ডিজিটেল সংবাদ,ধুবুৰী:  ধুবুৰীত বিজেপিৰ নেতা কৰ্মী সকলে আজি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। অসম বিধান সভাৰ উপাধ্যক্ষ নোমল মমিনক আক্ৰমণ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মী সকলে।

আজি ধুবুৰী জিলাৰ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়ৰ লগতে অন্যান্য বিজেপিৰ কৰ্ম কৰ্তা, মহিলা মৰ্চাৰ সদস্য সকলে পূৰ্ববঙ্গীয় মূলৰ কংগ্ৰেছী বিধায়ক সকলে কৰা আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আক্ৰমণকাৰী বিধায়কক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই ধুবুৰী জিলা বিজেপিয়ে। প্ৰতিবাদৰ অন্তত বিধায়কক গ্ৰেপ্তাৰৰ দাবীত জিলা আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে ধুবুৰী জিলা বিজেপিয়ে।

ধুবুৰী