উত্তাল কলকাতা ! প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ কন্দুৱা গেছ, আৰক্ষীৰ বাহনত জুই...

মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে বি জে পিৰ নাবান্না চলো

author-image
Asomiya Pratidin
New Update
উত্তাল কলকাতা ! প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ কন্দুৱা গেছ, আৰক্ষীৰ বাহনত জুই...

kolkata

ডিজিটেল ডেস্কঃ পশ্চিমবংগত মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে বি জে পিয়ে হাতত লৈছিল নাবান্না শীৰ্ষক প্ৰতিবাদী যাত্ৰাৰ কাৰ্যসূচী। সচিবালয় উদ্দেশ্যে প্ৰতিবাদকাৰী সকল আগবাঢ়ি যাওতে আৰক্ষীয়ে বাধা দিয়ে। বিভিন্ন প্ৰান্তৰ পৰা বিজেপি সমৰ্থক সকল মঙলবাৰে ৰাতিপুৱা কলকাতা আৰু চুবুৰীয়া হাওৰাত উপস্থিত হৈছিলহি।

পশ্চিম বংগৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল বি জে পিয়ে। প্ৰতিবাদী যাত্ৰা কৰি থকা সময়ত পশ্চিমবংগৰ বি জে পি সভাপতি সুভেন্দু অধিকাৰীকে ধৰি কেইবাজনো বিজেপি নেতাক আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰিবৰ বাবে কন্দুৱা গেছ আৰু পানী ব্যৱহাৰ কৰে। প্ৰতিবাদকাৰী সকলেও আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। উল্লেখ্য যে প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাহনতো জুই লগাই দিয়ে।

tmc kolkata bjp