হাটশিঙিমাৰীত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ...

দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহাৰ নেতৃত্বত জিলা বিজেপি আৰু মণ্ডল বিজেপিৰ কৰ্মকৰ্তাসকলে আজি কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

author-image
Tushar Pratim
New Update
হাটশিঙিমাৰীত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহাৰ নেতৃত্বত জিলা বিজেপি আৰু মণ্ডল বিজেপিৰ কৰ্মকৰ্তাসকলে আজি হাটশিঙিমাৰীত কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু ‘I.N.D.I.A’ ৰ একাংশ নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ প্ৰয়াত মাতৃক লৈ কৰা অশালীন মন্তব্যৰ বিৰোধিতাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে। 

প্ৰতিবাদৰ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে হাতে হাতে দলীয় পতাকা লৈ ৰাহুল গান্ধী  মুৰ্দাবাদ,  ৰাহুল গান্ধী হায় হায়, মল্লিকাৰ্জুন খাৰ্গে মুৰ্দাবাদ, কংগ্ৰেছ হায় হায় আদি বিভিন্ন শ্লোগানেৰে জিলাৰ সদৰৰ পৰিবেশ উত্তাল কৰি তোলে। উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ নিৰ্দেশনাৰ পিছতে ৰাজ্যজুৰি জিলা সদৰে সদৰে বিজেপিয়ে কংগ্ৰেছ, ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। 

কংগ্ৰেছ হাটশিঙিমাৰী বিজেপি