/asomiyapratidin/media/media_files/2025/01/18/hi3OSHBo4b7dLwmT1A3K.jpg)
দিলীপ শইকীয়া Photograph: (দিলীপ শইকীয়া )
ডিজিটেল সংবাদ, গুৱাহাটীঃ জাতি-মাটি-ভেটিঁৰ সুৰক্ষা সু-নিশ্চিত কৰি ৰখাৰ বাবে সমর্পিত মনোভাৱেৰে ঐক্যবদ্ধভাবে দলীয় কার্য্য সবল কৰি তুলিবলৈ সকলো কাৰ্য্যকর্তাক বিনম্র আহ্বান জনাইছে ভাৰতীয় জনতা পার্টি অসম প্রদেশৰ নৱনির্বাচিত সভাপতি সাংসদ শ্রীযুত দিলীপ শইকীয়াই।
ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা দলৰ মুখ্য কাৰ্য্যালয়ত আহি উপস্থিত হোৱা সহস্রাধিক কাৰ্য্যকৰ্তাৰ শুভাশিষ আৰু শুভকামনা গ্রহণ কৰি সভাপতি শইকীয়াই এইদৰে মতপোষণ কৰে। উল্লেখযোগ্য যে, মাননীয় মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি দলৰ কেন্দ্রীয় নেতৃত্বৰ উপস্থিতিত যোৱা ১৭ জানুৱাৰীৰ দিনা ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্রহণ কৰাৰ পিছত শ্রী শইকীয়াই আজি দিনৰ ভাগত দলৰ মুখ্য কাৰ্য্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত হয়।
দলৰ কেইবাজনো বিধায়ক, জ্যেষ্ঠ নেতা, বিভিন্ন মৰ্চাৰ সভাপতি সাধাৰণ সম্পাদক, বিভিন্ন জিলা আৰু মণ্ডলৰ সভাপতিকে ধৰি বহু জ্যেষ্ঠ কার্য্যকর্তাই সাক্ষাৎ কৰি ন- নির্বাচিত সভাপতিক শুভকামনা জ্ঞাপন কৰে। সভাপতিৰ দায়িত্ব গ্রহণ কৰি দলৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত হৈ প্রথম দিনাই শ্রী শইকীয়াই কাৰ্য্যকৰ্তাৰ মনোবল বৃদ্ধি কৰি সংগঠন সবল কৰি তোলাৰ বিষয়ত সর্বাধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।
দলৰ মুখ্য কাৰ্য্যালয় অটল বিহাৰী বাজপেয়ী ভবনৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই এই কথা জানিবলৈ দিয়ে। ১৯ জানুৱাৰীৰ পৰা নৱ নির্বাচিত ৰাজ্যিক সভাপতিৰ প্রৱাস আৰম্ভ হ'ব বুলি লগতে শ্রী শৰ্মাই জানিবলৈ দিয়ে।
এই প্রবাসৰ অংশ হিচাপে ১৯ জানুৱাৰীৰ ৰাতিপুৱা ১১ বজাত বৰপেটা জিলাৰ বৰপেটা ৰোডস্থিত ১৪৩ নং বুথত উপস্থিত থাকি জনপ্রিয় ৰেডিঅ' অনুষ্ঠান "মন-কী-বাত" শ্রৱণ কৰিব। ইয়াৰ পিচতে ভাৰতীয় জনতা পার্টি, বৰপেটা জিলাই আয়োজন কৰা সংবিধান গৌৰৱ দিৱসৰ এক বিশেষ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে ৰাজ্যিক সভাপতি গৰাকী উপস্থিত থাকিব বুলি শ্রী শৰ্মাই জানিবলৈ দিয়ে।
বৰপেটা কার্য্যক্রম অন্ত পৰাৰ পিচতেই ৰাজ্যিক সভাপতিয়ে আবেলি ৪.৩০ বজাত নলবাৰী জিলাৰ আখৰা চ'কত আয়োজিত সভা মহোৎসৱত অংশ গ্রহণ কৰিব। ইয়াৰ পিচতেই কমলপুৰ সমষ্টিৰ গোপেশ্বৰত আয়োজিত এক প্রীতি ভোজত অংশ গ্রহণ কৰিব বুলি বিবৃতিত উল্লেখ কৰা হৈছে।