একনাথ সিন্ধেক উপ-মুখ্যমন্ত্ৰীৰ পদ অফাৰ বিজেপিৰ…

একনাথ সিন্ধেক উপ-মুখ্যমন্ত্ৰীৰ পদ অফাৰ বিজেপিৰ…

author-image
asomiyapratidin
New Update
একনাথ সিন্ধেক উপ-মুখ্যমন্ত্ৰীৰ পদ অফাৰ বিজেপিৰ…

ডিজিটেল ডেস্ক: অব্যাহত আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট। মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে চৰকাৰৰ বাবে সংকট নমাই বুধবাৰেই গুৱাহাটীত উপস্থিত হৈছে একনাথ সিন্ধে সহ প্ৰায় ৪০ বিধায়ক। তাৰপাছতেই মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী।

Advertisment

এই সময়চোৱাত এই বিধায়ক সকলে বাহৰ পাতিছে গুৱাহাটীৰ ৰেডিশ্বন ব্লু নামৰ হোটেলখনত। খবৰ অনুসৰি হোটেলত হোৱা বৈঠকৰ মাজত বিজেপিয়ে একনাথ সিন্ধেক উপ-মুখ্যমন্ত্ৰীৰ পদ অফাৰ কৰে।বিজেপিৰ লগত শিৱসেনাৰ বিধায়কৰ আলোচনা হয় আৰু মহাৰাষ্ট্ৰৰ বিজেপি বিধায়কো আহি উপস্থিত হৈছে গুৱাহাটীত।

অন্যহাতে এন চি পিৰ প্ৰমুখ সাৰদ পৱাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে।এই ৎত সাৰদ পৱাৰে কয় যে বিৰোধ যদি কম কৰিব বিচাৰে তেন্তে একনাথ সিন্ধেক মুখ্যমন্ত্ৰীৰ পদ দিব লাগে। সেই বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে চৰকাৰী বাসগৃহ ত্যাগ কৰে।

আৰু পঢ়ক: পতন হ'ব পাৰে উদ্ধৱ থাকৰে চৰকাৰৰ, এৰিলে চৰকাৰী বাসভৱন…

bjp maharashtra eknth shinde