নদুৱাৰ সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থীৰ মনোনয় দাখিল

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাৱে বৃহস্পতিবাৰে নদুৱাৰ সমষ্টিত বিজেপি দলৰ মনোনীত ১১০ টা ৱাৰ্ড আৰু ১১ গৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে

author-image
Asomiya Pratidin
New Update
মনোনয়ন পত্ৰ দাখিল

মনোনয়ন পত্ৰ দাখিল

ডিজিটেল সংবাদস জামুগুৰিহাট : প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাৱে বৃহস্পতিবাৰে নদুৱাৰ সমষ্টিত বিজেপি দলৰ মনোনীত ১১০ টা ৱাৰ্ড আৰু ১১ গৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ দিনৰ ১ বজাত বিপুল হৰ্ষোল্লাসৰ মাজেৰে জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰাঙ্গণৰ পৰা বিশাল দলীয় শোভাযাত্ৰা কৰি নদুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আহি মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি দলৰ মনোনীত প্ৰাৰ্থী সকলে ৷ মনোয়নপত্ৰ দাখিলৰ সময়ত দলীয় কৰ্মী সমৰ্থক সকলক সংগ দিয়ে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ 

Advertisment

দলৰ প্ৰতিনিধি সকলে মনোনয়ন পত্ৰ দাখিলৰ অন্তত বিধায়ক পদ্ম হাজৰিকাই সাংবাদিকৰ সন্মুখত সদৰী কৰে যে, "এইবাৰো পঞ্চায়ত নিৰ্বাচনত আমি এশ শতাংশ আসন দখল কৰিম ৷ নদুৱাৰ সমষ্টিত এতিয়া কংগ্ৰেছ দলটো সম্পূৰ্নৰূপেই বিধ্বস্ত ৷ প্ৰাৰ্থী দিবলৈয়ো এতিয়া কংগ্ৰেছৰ মানুহ নোহোৱা হৈছে ৷ মানুহক ধন টকা-পইচা দি কংগ্ৰেছে প্ৰাৰ্থীৰ কাৰণে এতিয়া খাটনি ধৰিব লগা হৈছে ৷ এয়াই কংগ্ৰেছৰ দুৰৱস্থা" বুলি মন্তব্য কৰাৰ লগতে দলটোৰ চাৰিগৰাকীয়ে জিলা পৰিষদত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ উদ্দেশ্যৰে কুসুমটোলাস্থিত নদুৱাৰ সম-জিলাআয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰা বুলিও জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷

পদ্ম হাজৰিকা মনোনয়ন পত্ৰ দাখিল পঞ্চায়ত নিৰ্বাচন