পহিলা বহাগত অপমান! ৩১বহাগত বাঁহজানী মণ্ডলৰ সভাপতিক চাটাই...

অৱশেষত নীৰৱে যেন অপমানিত হোৱাৰ প্ৰতিশোধ ল'লে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। নলবাৰী জিলাৰ বাঁহজানী মণ্ডলৰ সভাপতিক অপসাৰণ কৰি তৎকালীনভাৱে

author-image
Asomiya Pratidin
New Update
b3e0c761-8e53-4913-aca8-072e159f31af

ডিজিটেল ডেস্কঃ অৱশেষত নীৰৱে যেন অপমানিত হোৱাৰ প্ৰতিশোধ ল'লে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। নলবাৰী জিলাৰ বাঁহজানী মণ্ডলৰ সভাপতিক অপসাৰণ কৰি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বাঁহজানী মণ্ডলত নিযুক্তি দিয়া হল নতুন সভাপতিক। ৩১বহাগ তথা ১৫মে'ত এক জাননীযোগে এই নিৰ্দেশনা প্ৰদান কৰিলে দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মাই। 

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, এই বাঁহজানী মণ্ডলৰ বিজেপিৰ কাৰ্যালয়টোৰ গৃহপ্ৰৱেশৰ দিনটোতে অপমানিত হৈছিল ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। মুখ্যমন্ত্ৰী বহি থকা কক্ষলৈ সোমোৱাত বাধা দিছিল তেতিয়াৰ মণ্ডলটোৰ সভাপতিগৰাকীয়ে। এই কাৰ্যত ক্ষুন্ন হৈছিল দিলীপ শইকীয়া। কাৰ্যালয়টো শুভ উদ্বোধন কৰি প্ৰতিটো কক্ষ পৰিদৰ্শন কৰি থকা মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সন্মুখতেই প্ৰচণ্ড খঙত বাঁহজানী মণ্ডলৰ সভাপতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল দিলীপ শইকীয়া । 

ততাতৈয়াকৈ মণ্ডল সভাপতিগৰাকীক আঁতৰ কৰক বুলিও খঙত নিৰ্দেশ দিছিল দিলীপ শইকীয়াই । ইয়াৰ পাছতে এই বিষয়টোক লৈ তীব্ৰ চৰ্চা হৈছিল। পহিলা ব'হাগৰ দিনাই সংঘটিত হৈছিল এই ঘটনা। এই ঘটনা সংঘটিত হোৱাৰ প্ৰায় এমাহৰ পাছত উক্ত মণ্ডলটোৰ সভাপতিগৰাকীক আঁতৰাই নতুন সভাপতিক নিযুক্তি দিলে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।

১বহাগত অপমানিত হোৱা দিলীপ শইকীয়াই ৩১বহাগত বাঁহজানীৰ মণ্ডলৰ সভাপতিৰ দায়িত্ব দিলে দলৰ জ্যেষ্ঠ কাৰ্যকতা চপলা মেধি ৰাজবংশীক। মণ্ডলটোত নতুন সভাপতি নিযুক্তি দিয়াৰ পিছতে এতিয়া সামাজিক মাধ্যমত চৰ্চা হৈছে যে, বহাগতে প্ৰতিশোধ ললে দিলীপ শইকীয়াই। 

dilip saikia