/asomiyapratidin/media/media_files/2025/03/16/JZkzhPzsdokD9cjg3y7w.png)
ডিজিটেল ডেস্কঃ কেৱল হিন্দু ধৰ্মাৱলম্বী সকলেহে প্ৰৱেশ কৰিব পাৰিব কেদাৰনাথ ধামত। কেদাৰনাথত হিন্দুত্ব বিৰোধীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ প্ৰস্তুতি চলাইছে স্থানীয় প্ৰশাসনে।শেহতীয়াকৈ কেদাৰনাথত যাত্ৰা পৰিচালনা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈছিল। সভাত বহু লোকে উত্থাপন কৰিছিল যে ধামত কিছুমান ঘটনা সংঘটিত হয়, যিবোৰ কাৰো চকুত নপৰে।
এই সন্দৰ্ভত কেদাৰনাথৰ বিধায়ক আশা নৌতিয়ালে কয় যে, কিছুমান মানুহে কেদাৰনাথ ধামৰ ভাবমূৰ্তি কলংকিত কৰিব পৰা কাম কৰি আছে, এনে লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা উচিত। যিয়ে কেদাৰনাথলৈ আহি ধামক বদনাম কৰা কামত লিপ্ত হয় তেওঁলোক নিশ্চিতভাৱে হিন্দু নহয়। সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আশা নৌতিয়ালে কয় যে এনে লোকক চিনাক্ত কৰি তালৈ অহা বন্ধ কৰা হ’ব।
তেওঁ লগতে জনাই যে, শেহতীয়াকৈ ভাৰপ্ৰাপ্ত মন্ত্ৰী সৌৰভ বহুগুণায়ো কেদাৰনাথত এখন বৈঠকৰ আয়োজন কৰিছিল, য’ত এই প্ৰস্তাৱৰ ওপৰত আলোচনা কৰা হৈছিল। কেদাৰনাথ ধামক বদনাম কৰিবলৈ চেষ্টা কৰা এনে লোকক ইয়ালৈ অহাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা উচিত বুলিও বৈঠকত পৰামৰ্শ দিয়া হৈছিল।
লগতে আশা নৌতিয়ালে কয় যে, আমাৰ মন্ত্ৰী সৌৰভ বহুগুণাই প্ৰশাসন, স্থানীয় ৰাইজ, ব্যৱসায়ী, হোটেলৰ মালিক আৰু তম্বু -দোকানৰ মালিকৰ সৈতে এক বৈঠকত মিলিত হয়। সেই সভাত স্থানীয় ব্যৱসায়ীসকলে মুকলিকৈ কয় যে একাংশ অহিন্দু লোকে অঞ্চলটোত মাংস, সুৰা সৰবৰাহ কৰি কেদাৰনাথ মন্দিৰ কলংকিত কৰাৰ চেষ্টা কৰি আহিছে।
উল্লেখ কৰা প্ৰয়োজন যে, কেদাৰনাথ যাত্ৰাৰ সময়ত ঘোঁৰা-খচ্চৰ ব্যৱসায়, ফল-ফুল-শাক-পাচলি ব্যৱসায়ৰ অজুহাতত বৃহৎ সংখ্যক অন্য ধৰ্মৰ লোক তীৰ্থস্থানলৈ আহে। তেওঁলোকৰ মাজৰ একাংশ হিন্দুত্ব বিৰোধীয়ে এনে কাম কৰি তীৰ্থস্থানসমূহৰ শিষ্টাচাৰ ভংগ কৰাৰ চেষ্টা কৰে। সেয়ে স্থানীয় প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি মন্দিৰৰ গৰিমা অক্ষুন্ন ৰখাৰ চেষ্টা কৰিব।