কৰ্ণেল ছফিয়া কুৰেশীক লৈ সাম্প্ৰদায়িক মন্তব্য কৰা বিজেপিৰ মন্ত্ৰীক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্ণেল ছফিয়া কুৰেশীৰ ওপৰত বিতৰ্কিত বক্তব্যৰ বাবে বিজয় শ্বাহৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰাৰ নিৰ্দেশ দিছিল মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে। ইয়াৰ পিছতে মন্ত্ৰী শ্বাহৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ছফিয়া কুৰেছী

ডিজিটেল ডেস্কঃ  "সন্ত্ৰাসবাদীৰ পৰা প্ৰতিশোধ ল'বলৈ তেওঁলোকৰে সম্প্ৰদায়ৰ ভগ্নীক পঠিয়াইছে মোডী জীয়ে! যিসকলে পেহেলগামত আমাৰ কন্যাক বিধৱা কৰিছিল, আমি সিহতক পাঠ শিকাবলেৈ তেওঁলোকৰে নিজৰ এগৰাকী ভগ্নীক পঠিয়াইছিলো।"- এই মন্তব্য বিজেপিৰ মন্ত্ৰী বিজয় শ্বাহৰ।

Advertisment

সোমবাৰে ইন্দোৰ জিলাৰ এটা গ্ৰাম্য অঞ্চলত ৰাজহুৱা অনুষ্ঠানৰ সময়ত মন্ত্ৰী বিজয় শ্বাহে কুৰেশীৰ নাম উল্লেখ নকৰাকৈয়ে বিতৰ্কিত বক্তব্য দিছিল। কৰ্ণেল ছফিয়া কুৰেশীৰ ওপৰত বিতৰ্কিত বক্তব্যৰ বাবে বিজয় শ্বাহৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰাৰ নিৰ্দেশ দিছিল মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে। ইয়াৰ পিছতে মন্ত্ৰী শ্বাহৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়।এই সন্দৰ্ভত তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আৰু আগতীয়াকৈ শুনানিৰ বাবে অনুৰোধ জনাইছে।

উল্লেখ কৰা প্ৰয়োজন যে, পেহেলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধি হত্যা কৰা ঘটনাৰ প্ৰধানমন্ত্ৰী মোডীয়ে যিদৰে প্ৰতিশোধ ল'লে সেই পদক্ষেপৰ প্ৰশংসা কৰি মধ্যপ্ৰদেশৰ জনজাতি কল্যাণ মন্ত্ৰী কুঁৱৰ বিজয় শ্বাহে এনেদৰে মন্তব্য কৰে। এই মন্তব্যত তেওঁ কৰ্ণেল ছফিয়া কুৰেশীক লৈ লক্ষ্য কৰি লয়।

মন্ত্ৰী শ্বাহে কৰ্ণেল ছফিয়া কুৰেশীক লৈ কৰা সাম্প্ৰদায়িক মন্তব্য সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছিল। লগে লগে বিৰোধী কংগ্ৰেছে শ্বাহৰ  এই মন্তব্যই মহিলা আৰু সশস্ত্ৰ বাহিনীক অপমান কৰা বুলি  অভিযোগ কৰে। লগতে কংগ্ৰেছৰ মুখপাত্ৰ আব্বাছ হাফিজে কয়, ‘মন্ত্ৰী বিজয় শ্বাহে কৰ্ণেল ছফিয়া কুৰেশীক লৈ কৰা মন্তব্য আপত্তিজনক আৰু ই সাম্প্ৰদায়িকতাৰ সকলো সীমা অতিক্ৰম কৰিছে। কংগ্ৰেছে মন্ত্ৰীগৰাকীক অনতিপলমে বৰ্খাস্ত কৰাৰ দাবী জনাইছে।

ইফালে কৰ্ণেল ছফিয়া কুৰেশীৰ ওপৰত কৰা আপত্তিজনক মন্তব্যৰ ঘটনাক লৈ আজি উচ্চতম ন্যায়ালয়ে তেওঁক ধমক দিয়ে। মন্ত্ৰী বিজয় শ্বাহে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল আৰু বিষয়টোৰ ওপৰত আগতীয়াকৈ শুনানি বিচাৰিছিল।

আজি উচ্চতম ন্যায়ালয়ে এই আবেদন মানি লৈ বিজয় শ্বাহক ধমক দিয়ে। চি জে আই বি আৰ গাভাইয়ে কয় যে, আপুনি এজন সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তি। দায়িত্ববোধ থাকিব লাগে ৷ দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ অধিক দায়বদ্ধ হ’ব লাগিছিল আৰু দায়িত্ববোধ দেখুৱাব লাগিছিল।

ইয়াৰ পাছতে মন্ত্ৰী শ্বাহে নিজ মন্তব্যক লৈ স্পষ্টীকৰণ দি কয় যে, মোৰ  মন্তব্যই যদি কাৰোবাক আঘাত দিছে তেন্তে মই ১০ বাৰ ক্ষমা খুজিবলৈ সাজু। কৰ্ণেল ছফিয়া কুৰেশী মোৰ ভগ্নীৰ দৰে।

উল্লেখ্য যে, শুকুৰবাৰে এই বিষয়ত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

ছফিয়া কুৰেশী বিজেপি