মুছলপুৰত পাঁচখন জিলা সামৰি বিজেপিৰ সাংগঠনিক সভাত সম্পন্ন

"মিছন-বিটিআৰ"ৰ অংশ স্বৰূপে আজি বাক্সা জিলাৰ মুছলপুৰস্থিত সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত বিটিআৰৰ পাঁচখন জিলা সামৰি অনুষ্ঠিত হয় সাংগঠনিক সভা।

author-image
Asomiya Pratidin
New Update
মুছলপুৰত পাঁচখন জিলা সামৰি বিজেপিৰ সাংগঠনিক সভাত সম্পন্ন

ডিজিটেল সংবাদ মুছলপুৰঃ "মিছন-বিটিআৰ"ৰ অংশ স্বৰূপে আজি বাক্সা জিলাৰ মুছলপুৰস্থিত সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত বিটিআৰৰ পাঁচখন জিলা সামৰি অনুষ্ঠিত হয় সাংগঠনিক সভা।এই সাংগঠনিক সভাত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।

Advertisment

তেওঁ কয় যে, বিজেপি বিটিচি নিৰ্বাচনৰ বাবে পূৰ্ণোদ্যমে সাজু হৈছে। ইতিমধ্যে প্ৰতিখন জিলাত তত্বাৱধায়ক মন্ত্ৰী আৰু ৩৮টা সমষ্টিত প্ৰভাৰী নিয়োগ কৰা হৈছে। 

বিজেপিয়ে প্ৰতিটো সমষ্টিতে সাংগঠনিক কাম-কাজ কৰিব আৰু নিশ্চিত জয়ৰ লক্ষ্যৰে আগবাঢ়িব। বিজেপিৰ সভাপতিগৰাকীয়ে গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য কৰি কয় যে, কংগ্ৰেছে গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব দিছে ভালেই হৈছে। বিটিআৰত ফ্লপ মাৰিব আৰু পৰবৰ্তী সময়ত বিধানসভা নিৰ্বাচনতো ফ্লপ হ'ব।

উল্লেখ্য যে, আজিৰ সাংগঠনিক বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ উপৰিও দলটোৰ অসম প্ৰদেশৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, মন্ত্ৰী ক্ৰমে পীযুষ হাজৰীকা, ৰণজিৎ দাস, অশোক সিংহাল, কৌশিক ৰায় আৰু ৰাষ্ট্ৰীয় সম্পাদক তথা কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত থাকে।  

বি জে পি দিলীপ শইকীয়া মুছলপুৰ