হৃদয়ত নহয়, বিজেপিৰ নেত্ৰীৰ পিঠিত ফুলিল পদুম...

bjp
bjp

ডিজিটেল ডেস্কঃ শনিবাৰে অসমত বিজেপিৰ নেতা, কৰ্মীসকল ভীষণ ব্যস্ত আছিল। বশিষ্ঠত বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয়ৰ শুভ উদ্বোধন, খানাপাৰাত কাৰ্যকৰ্তাসকলৰ সন্মিলন।

দিনটোৰ এই ব্যস্ততাৰ মাজত এক দৃশ্যই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিলে। এগৰাকী বিজেপি নেত্ৰীৰ সাজ-পোচাকে চকু কপালত তুলিলে। এয়া কি? প্ৰদৰ্শন ধৰ্মীতা নে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা?

নেত্ৰীগৰাকীয়ে পিন্ধি অহা সাজ-পোচাকক লৈ নিশ্চয় প্ৰশ্ন নাই। পৰিমাৰ্জিত ৰূপত তেওঁ পৰিধান কৰি আহিছে চাদৰ মেখেলা। কিন্তু সংবাদ মাধ্যমৰ কেমেৰাত ধৰা দিছে তেওঁৰ পিঠিত অংকন কৰি থোৱা পদুম ফুলপাহ।

বাৰে বাৰে তেওঁ যেন কেমেৰাত সেই দৃশ্য বন্দী হোৱাতোৱেই বিচাৰিছে। মুখৰ সলনি তেওঁ এনেদৰে পিঠিৰ সেই পদুম ফুলপাহ এক প্ৰকাৰে বাৰু প্ৰদৰ্শনধৰ্মিতাৰ বিক্ৰীত ৰূপকেই তুলি ধৰিলে নেকি?

নেত্ৰীগৰাকীৰ এনে কাৰু কাৰ্যই সভাত উপস্থিত থকা বিজেপিৰ আন নেতা কৰ্মীৰ মাজতো ভাল চৰ্চা লাভ কৰিলে। দলৰ প্ৰতি অত্যুৎসাহ প্ৰদৰ্শন কৰিবলৈ গৈ দলৰ প্ৰতীককে তেওঁ অৱজ্ঞা কৰাৰ চেষ্টা কৰিলে বুলিও এতিয়া গুণগুণনি উঠিছে।

বিজেপিৰ এই নেত্ৰাগৰাকীৰ কৰ্মকাণ্ডই সামাজিক মাধ্যমতো মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰচাৰ আৰু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'বলৈ মানুহে যে কি কি কৰিব পাৰে ! সাধাৰণতে ক্ৰিকেট খেলত দৰ্শকে এনে কিছু কৰ্মকাণ্ড কৰে।

যাৰ বাবে লাইভ টেলিকাষ্ট হৈ থকাৰ সময়ত কেমেৰাই অত্যুৎসাহী দৰ্শকক এবাৰলৈ বাবে হ'লেও দেখুৱাবলৈ বাধ্য হয়। অনুৰূপ ঘটনাই যেন এইবাৰ ৰাজনীতিত। বিজেপিৰ পদুম ফুল ব্লাউজৰ পিঠিৰ অংশত আঁকি দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিলে এইগৰাকী নেত্ৰীয়ে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in