/asomiyapratidin/media/media_files/2025/06/27/bjp-27-2025-06-27-19-53-58.jpg)
ডিজিটেল সংবাদ বাক্সাঃ বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে তৎপৰতা বাঢ়িছে প্ৰতিটো ৰাজনৈতিক দলৰ। বিজেপিয়েও বিভিন্ন পন্থাৰে ভোটাৰ ৰাইজৰ কাষ চপা পৰিলক্ষিত হৈছে।
দলীয় কাৰ্যকৰ্তাসকলক একত্ৰিত কৰি ৰখাৰ ক্ষেত্ৰত সংকল্পবদ্ধ বিজেপি। আজি বাক্সা জিলাৰ অদালবাৰীত মুছলপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰিদীপ কুমাৰ ডেকাৰ সভাপতিত্বত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। লগতে ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত তিনিজনীয়া সমিতিৰ কৰ্মশালা আৰু "বিকশিত ভাৰত ২০৪৭"ৰ নাগৰিক সংকল্প পত্ৰ পাঠ কাৰ্যসূচীও ৰূপায়িত হয়।
এইসমূহ অনুষ্ঠানৰ পাছতে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত মুছলপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰিদীপ কুমাৰ ডেকাই সকলো জাতি-জনগোষ্ঠীৰ লোককে একত্ৰিত কৰি বিজেপি দল আগবঢ়া বুলি মন্তব্য কৰে। তেওঁ বাক্সা জিলাৰ মুছলপুৰ মণ্ডলৰ সাংগঠনিক ভেঁটি মজবুত বুলি মন্তব্য কৰি মুছলপুৰ পৰিষদীয় সমষ্টিত বিজেপিৰ জয় নিশ্চিত বুলিও দাবী কৰে।
উল্লেখ্য যে, আজিৰ এই কাৰ্যনিৰ্বাহক সভা আৰু কৰ্মশালাত পাঁচ শতাধিক দলীয় কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।