বিনা হেলমেটেৰে বিজেপি নেতাৰ বিশাল বাইক ৰেলী

আগে আগে গাড়ীৰ ভিতৰৰ পৰা হাত জোকাৰিছে নেতাই। পিছে পিছে শতাধিক সমৰ্থকৰ বিশাল বাইক ৰেলী। কিন্তু ৰেলীত অংশগ্ৰহণ কৰা অধিকাংশই পৰিধান কৰা নাই হেলমেট। 

author-image
Asomiya Pratidin
New Update
বিনা হেলমেটেৰে বিজেপি নেতাৰ বিশাল বাইক ৰেলী

বিনা হেলমেটেৰে বিজেপি নেতাৰ বিশাল বাইক ৰেলী

ডিজিটেল ডেস্ক গুৱাহাটী আৰু সংবাদ জামুগুৰিহাট : পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। কিন্তু তাৰ মাজতে বিশেষ দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিছে আটাইৰে।

Advertisment

আগে আগে গাড়ীৰ ভিতৰৰ পৰা হাত জোকাৰিছে নেতাই। পিছে পিছে শতাধিক সমৰ্থকৰ বিশাল বাইক ৰেলী। কিন্তু ৰেলীত অংশগ্ৰহণ কৰা অধিকাংশই পৰিধান কৰা নাই হেলমেট। 

শতাধিক সমৰ্থকৰ বিশাল বাইক ৰেলী
শতাধিক সমৰ্থকৰ বিশাল বাইক ৰেলী

 

ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ৬৬ নং ফুলবাৰী গাঁও পঞ্চায়তৰ ৬ নং আঞ্চলিক পঞ্চায়তৰ সদস্য ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী তথা একালৰ আটছা নেতা কুমাৰ মল্লিকে এনেদৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ। কুমাৰ মল্লিকে দলীয় সমৰ্থকক লগত লৈ বিশাল বাইক ৰেলীৰে চমক সৃষ্টি কৰিলে। নিৰ্বাচনৰ প্ৰাকক্ষণত ভিন্ন প্ৰান্তত তীব্ৰতৰভাৱে প্ৰচাৰ অভিযান চলাই নিছে নেতাগৰাকীয়ে। কিন্তু বিনা হেলমেটেৰে শতাধিক সমৰ্থকক লৈ বিজেপি নেতাই উলিওৱা বাইক ৰেলীক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

জামুগুৰিহাট বিজেপি পঞ্চায়ত নিৰ্বাচন