/asomiyapratidin/media/media_files/2025/07/12/1-2025-07-12-17-32-40.jpg)
ডিজিটেল সংবাদ,নগাঁও: গোচৰ নিষ্পত্তিৰ বাবে অভিযুক্তৰ পৰা ধনলৈ ৰঙা ঘৰৰ আলহী হ'ল আফাজুল ৰহমান নামৰ এজন লোক। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আফাজুল ৰহমানে আদালতৰ গোচৰ খালাচ কৰি দিয়াৰ বিনিময়ত এদন অভিযুক্তৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, নগাঁৱৰ আদালতত চলি থকা যৌন নিৰ্যাতনৰ গোচৰৰ পৰা অভিযুক্তক দোষমুক্ত কৰি দিয়াৰ বিনিময়ত ধন লোৱাৰ অভিযোগ আৰক্ষীয়ে লাভ কৰাৰ পিছতে ৰূপহীৰ আফাজুলক গ্ৰেপ্তাৰ কৰে। ইফালে দমকল মিস্ত্ৰী হিচাপে পৰিচিত আফাজুল শাসকীয় দলৰ ৰূপহী হাটৰ ৰহমান দালাল, প্ৰবঞ্চক হিচাপেও বিখ্যাত।
তাৰোপৰি নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰ আৰু বিশেষ কাৰাগাৰৰ বন্দীৰ পৰিয়ালে আফাজুলক ধন দিলে সেই সকল বন্দীয়ে কাৰাগাৰৰ ভিতৰত বিশেষ সুবিধা লাভ কৰাৰো তথ্য পোৱা গৈছে। চোৰ,ডকাইত,ড্ৰাগছ ব্যৱসায়ীক কাৰাগাৰত বিশেষ সুবিধা কৰাই দিয়ে আৰক্ষীৰ জালত পৰা আফাজুলে।
উল্লেখযোগ্য যে, নগাঁৱৰ এজন বিধায়কৰে অতি ঘনিষ্ঠ সম্পৰ্ক আফাজুলৰ। ইতিমধ্যে নগাঁও সদৰ থানাৰ আৰক্ষীয়ে অভিযুক্ত আফাজুলক গ্ৰেপ্তাৰ কৰি সোধপোচ চলাই আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us