মাত্ৰ ৪২ বছৰ বয়সতে বিদায় মাগিলে বিজেপিৰ সোণালী ফোগটে…

মাত্ৰ ৪২ বছৰ বয়সতে বিদায় মাগিলে বিজেপিৰ সোণালী ফোগটে…

author-image
asomiyapratidin
New Update
মাত্ৰ ৪২ বছৰ বয়সতে বিদায় মাগিলে বিজেপিৰ সোণালী ফোগটে…

ডিজিটেল ডেস্কঃ সোমবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ গোৱাত মৃত্যুবৰণ কৰিলে বিজেপিৰ সোণালী ফোগটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪২ বছৰ।

Advertisment

জানিব পৰা মতে বিজেপি নেত্ৰী গৰাকীয়ে কিছুদিন পূৰ্বে তেওঁৰ একাংশ কৰ্মচাৰীৰ সৈতে গোৱালৈ গৈছিল আৰু অস্থিৰতা অনুভব কৰা বাবে হাস্পতাললৈ লৈ যোৱা হৈছিল। 

উল্লেখযোগ্য যে ২০১৯ চনৰ হাৰিয়ানা নিৰ্বাচনত সোণালীয়ে সদ্য কংগ্ৰেছ ত্যাগী বিধায়ক তথা নতুনকৈ বিজেপিত যোগ দিয়া কুলদীপ বিষ্ণইৰ সৈতে আদমপুৰৰ পৰা প্ৰতিদন্দ্বিতা কৰিছিল।

অভিনেত্ৰী তথা বিজেপি নেত্ৰীগৰাকীৰ বিয়োগত বিভিন্নজনে শোক প্ৰকাশ কৰে।হাৰিয়ানাৰ মুখ্যমন্ত্ৰী এম এল খট্টৰে টুইটযোগে শোক প্ৰকাশ কৰি লিখিছে, "সোণালী ফোগাটৰ মৃত্যুৰ বিষয়ে জানি গভীৰ ভাৱে দুখ পাইছো"।

bjp goa sonali phogat hariyana