জুৰীয়াত বিজেপি নেতাক ৰাজহুৱা প্ৰহাৰ : উদ্ধাৰ অভিযানত যোৱা আৰক্ষী আহত

বিজেপি নেতা কমৰুজ জামান সৰকাৰক ৰাজহুৱাভাৱে প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জুৰীয়াত । নগাঁও জিলাৰ জুৰীয়া কালিয়াডঙ্গা বজাৰত ৰাইজৰ ৰোষত পৰে কমৰুজ

author-image
Asomiya Pratidin
New Update
394

ডিজিটেল সংবাদ, নগাঁও : বিজেপি নেতা কমৰুজ জামান সৰকাৰক ৰাজহুৱাভাৱে প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জুৰীয়াত । নগাঁও জিলাৰ জুৰীয়া কালিয়াডঙ্গা বজাৰত ৰাইজৰ ৰোষত পৰে কমৰুজ । আৰক্ষীৰ সন্মুখতে ৰাইজে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে বিজেপি নেতাগৰাকীক । 

Advertisment

ইফালে বিজেপি নেতা কমৰুজক জুৰীয়া আৰক্ষীয়ে বচাবলৈ গৈ আৰক্ষী বিষয়া অৰূপ ডেকা আঘাতপ্ৰাপ্ত হয় । বিষয়া ডেকাৰ আৰক্ষীৰ পোচাক এই আক্ৰমণৰ সময়ত ফাটি যোৱাৰ ঘটনা সংঘটিত হয় । 

উল্লেখ্য যে, নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অবৈধ মাৰণাস্ত্ৰসহ প্ৰৱেশ কৰিবলৈ গৈ পূৰ্বতে গ্ৰেপ্তাৰ হোৱা কমৰুজ জামান সৰকাৰে পত্নীক কচাৰী গাঁও পঞ্চায়তৰ সভাপতি পাতিবলৈ গৈ সমগ্ৰ প্ৰক্ৰিয়াটোত হস্তক্ষেপ কৰাক লৈ ক্ষুন্ন হৈ পৰে স্থানীয় লোক । ইয়াৰ পিছতে ৰাজহুৱাভাৱে প্ৰহাৰ কৰে কমৰুজ জামান সৰকাৰক । 

সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে বিজেপি নেতাজনক গাড়ীত তুলি আঁতৰি যাবলৈ চেষ্টা কৰিছিল যদিও উত্তেজিত জনতাই আৰক্ষীৰ গাড়ীত উঠিবলৈ নিদি দৌৰাই দৌৰাই শাৰিৰীকভাৱে প্ৰহাৰ কৰি আহত কৰে । অৱশ্যে পিছত জনতাৰ মাজৰ পৰা আৰক্ষীয়ে কমৰুজক উদ্ধাৰ কৰি জুৰীয়া আৰক্ষী থানালৈ লৈ যায় । পিছত বিজেপি নেতা কমৰুজক গ্ৰেপ্তাৰৰ দাবীত স্থানীয় লোকে ধৰ্ণা দিয়ে ।

bjp