দিন দুুপৰতে বিজেপি নেতাক গুলীয়াই হত্যা...

দিন দুুপৰতে বিজেপি নেতাক গুলীয়াই হত্যা...

author-image
Asomiya Pratidin
New Update
দিন দুুপৰতে বিজেপি নেতাক গুলীয়াই হত্যা...

ডিজিটেল ডেস্কঃ এগৰাকী বিজেপি নেতাক গুলীয়াই হত্যা। মধ্যপ্ৰদেশত সংঘটিত হৈছে এই ঘটনা। এগৰাকী বিজেপি নেতাক মধ্যপ্ৰদেশৰ ইন্দোৰৰ এম জি ৰোডত গুলীয়াই হত্যা কৰে দুবৃৰ্ত্তই। মৃত নেতাগৰাকীৰ নাম মনু কল্যাণ। নেতাগৰাকী বিজেপি শীৰ্ষ নেতা কৈলাশ বিজয়বৰ্গীয়ৰ অতিকৈ ঘনিষ্ঠ ।

উল্লেখ কৰা প্ৰয়োজন যে, ইন্দোৰ-৩বিধানসভা ক্ষেত্ৰৰ অতিকৈ শক্তিশালী এগৰাকী বিজেপি নেতা আছিল মনু কল্যাণ। আৰক্ষীয়ে সদৰি কৰা অনুসৰি, ২৩জুন ২০২৪ৰ পুৱা ভাগতে ঘৰৰ পৰা কিছু নিলগত গুলীয়াই হত্যা কৰা হয় কল্যাণক। উল্লেখ কৰা প্ৰয়োজন যে, উক্ত বিধানসভা সমষ্টিটোতে কিছুদিনৰ পূৰ্বে আৰু দুগৰাকী লোকক গুলীয়াই হত্যা কৰা হৈছিল।

গুলীবৰ্ষণৰ সময়ত কল্যাণৰ সৈতে থকা এগৰাকী বন্ধুক সোধপোচ কৰি দুৰ্বৃত্তৰ সন্ধানত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে।

বিজেপি