বিজেপি উপসভাপতিৰ ফাৰ্ম হাউছত নাৰী দেহ ব্যৱসায়…

বিজেপি উপসভাপতিৰ ফাৰ্ম হাউছত নাৰী দেহ ব্যৱসায়…

author-image
asomiyapratidin
New Update
বিজেপি উপসভাপতিৰ ফাৰ্ম হাউছত নাৰী দেহ ব্যৱসায়…

ডিজিটেল ডেস্ক: মেঘালয়ৰ বিজেপি উপসভাপতিৰ ফাৰ্ম হাউছত নাৰী দেহ ব্যৱসায়।৬জনকৈ শিশু উদ্ধাৰ বিজেপিৰ উপসভাপতি ৱাৰ্নাড এন মাৰাকৰ ফাৰ্ম হাউছৰ পৰা।এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে ৭৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

Advertisment

তুৰা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে লোককেইজনক।লগতে আৰক্ষীয়ে জব্দ কৰিছে ৩৬খন বাহনৰ লগতে ৪১৪ বটল সুৰা,৪৯ টা মোবাইল ফোন আৰু অশ্ত্ৰ-শশ্ত্ৰ।২২ জুলাইৰ পৰা তুৰা আৰক্ষীৰ নেতৃত্বত চলিছিল অভিযান

উদ্ধাৰ হোৱা শিশুৰ ভিতৰত দুগৰাকী কণ্যা শিশুও আছে বুলি জানিব পৰা গৈছে।শিশুকেইজনক জিলা শিশু সুৰক্ষা বিষয়াৰ অধীনত ৰখা হৈছে।এই সন্দৰ্ভত তুৰা মহিলা আৰক্ষী থানাত পকচো আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ।

অৱশ্যে গাৰো জনজাতি স্বায়ত্ব জিলা পৰিষদৰ নিৰ্বাচিত সদস্য ৱাৰ্নাড এন মাৰাকে তেওঁৰ অধীনত নাৰী দেহ ব্যৱসায় চলাৰ কথা অস্বীকাৰ কৰিছে।

আৰু পঢ়ক:ৰাজধানী দিল্লীত ধৰা পৰিছে ভ্ৰমণ ইতিহাস নথকা মাংকীপক্সৰ প্ৰথমটো  ঘটনা…

assam meghalaya Bjpleader