ৰাজধানী দিল্লীত ধৰা পৰিছে ভ্ৰমণ ইতিহাস নথকা মাংকীপক্সৰ প্ৰথমটো  ঘটনা…

ৰাজধানী দিল্লীত ধৰা পৰিছে ভ্ৰমণ ইতিহাস নথকা মাংকীপক্সৰ প্ৰথমটো  ঘটনা…

ডিজিটেল ডেস্ক : দেশৰ ৰাজধানী দিল্লীত ধৰা পৰিছে ভ্ৰমণ ইতিহাস নথকা মাংকীপক্সৰ প্ৰথমটো  ঘটনা । দেওবাৰে  দিল্লীৰ এজন  ৩১ বছৰীয়া ব্যক্তিৰ শৰীৰত  ধৰা পৰিছে  মাংকীপক্সৰ   লক্ষণ । প্ৰথম অৱস্থাত ৰোগীজনৰ শৰীৰত জ্বৰ আৰু ছালত ঘাঁ হোৱা পৰিলক্ষিত হৈছিল ।

পৰৱৰ্তী সময়ত চিকিৎসকে সেইয়া মাংকীপক্সৰ লক্ষণ বুলি চিনাক্ত কৰে । সম্প্ৰতি দিল্লীৰ মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে মাংকীপক্সত  আক্ৰান্ত হোৱা ৰোগীজন ।

কেৰালাৰ পিছত ৰাজধানী দিল্লীত ধৰা পৰিছে ৪ নম্বৰজন  মাংকীপক্সত আক্ৰান্ত ৰোগী । দেওবাৰে এই কথা সদৰী কৰে লোক নাৰায়ণ জয় প্ৰকাশ নাৰায়ণ হাস্পাতালৰ সঞ্চালক ড০ সুৰেশ কুমাৰে । উল্লেখ্য যে ইয়াৰ পূৰ্বে মধ্য প্ৰাচ্য , থাইলেণ্ড আদি ঠাইৰ পৰা দেশলৈ উভতি অহা লোক সকলৰ মাজত দেখা দিছিল এই ৰোগৰ লক্ষণে ।  

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in