/asomiyapratidin/media/media_files/2025/07/29/web-ap-bjp-2025-07-29-10-11-07.jpg)
ডিজিটেল সংবাদ, চাপৰঃ কিছুদিন পূৰ্বে গোলাঘাট জিলাৰ এখন বিলাতী সুৰাৰ বিপনীৰ পৰা চুৰি হৈছিল কেইবা লক্ষাধিক টকাৰ বিলাতী সুৰা। ঘটনা সংক্ৰান্তত গোলাঘাট আৰক্ষী থানাত দাখিল হৈছিল এখন এজাহাৰ। উক্ত এজাহাৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত মৰ্মে ইতিমধ্যে কেবাজনো লোকক আটক কৰাৰ লগতে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৰাজেশ দাসক।
ইফালে, ৰাজেশ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত চাপৰ আৰক্ষীয়ে অভিযান চলাই বিজেপি নেতা অৰুণ কুমাৰ নাগৰ 'নাগ ৱাইন শ্বপ'ত। পিছে, ঘটনাৰ উমান পাই একে পৰিয়ালৰ চাপৰৰ বহলপুৰত থকা 'ৰাজদ্বীপ বিলাতী সুৰা'ৰ বিপনীৰ পৰা চোৰাং বিলাতী সুৰাখিনি অইন ঠাইলৈ সৰবৰাহ কৰিবলৈ লওঁতে হাতে লটে ধৰা পৰে ৰাকেশ নাগ। এই ৰাকেশ নাগ বিলাসীপাৰা জিলা বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক।
আনহাতে সৰবৰাহ কৰোঁতে ব্যৱহাৰ কৰা বলেৰো পিকআপ খন আৰক্ষীয়ে জব্দ কৰাৰ লগতে আটক কৰে মানজাত আলী নামৰ চালকজন। জব্দকৃত বাহনখনৰ নম্বৰ AS01-QC-8732 বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হোৱা ৰাজেশ দাসৰ লগত ঘনিষ্ঠ সম্পৰ্ক অসম সচিবালয়ত কৰ্মৰত ৰাজেশ নাগৰ। সেই ৰাজেশ নাগৰ জেষ্ঠ ভাতৃ হৈছে চাপৰৰ ৰাকেশ নাগ। ৰাজেশৰ চিনাকি সুত্ৰে চাপৰৰ ৰাকেশ নাগক অতি কম মূল্যত বিক্ৰী কৰিছিল কেইবা লক্ষাধিক টকাৰ সুৰাখিনি। অৱশেষত চাপৰ আৰক্ষী থানাত গোলাঘাট আৰক্ষী উপস্থিত হৈ আটক হোৱা বিজেপি নেতা ৰাকেশ নাগক গ্ৰেপ্তাৰ কৰি লৈ যায় গোলাঘাট আৰক্ষী থানালৈ।