/asomiyapratidin/media/media_files/2025/03/28/1mXirudRlaaJgJPJOi4O.jpg)
অৰুণোদয় আঁচনিৰ ৰূপায়ণত দুৰ্নীতি
ডিজিটেল সংবাদ, বিলাসীপাৰা: অৰুণোদয় আঁচনিৰ ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ তুলি ৰাজ্যৰ ভিন্নপ্ৰান্তত সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদ। বিলাসীপাৰাৰ পশুৱাৰখাল ২য় খণ্ডতো অৰুণোদয় আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে | আঁচনিৰ হিতাধিকাৰীৰ বাচনিত যোগ্য আৰু দৰিদ্ৰক বঞ্চিত কৰাৰ অভিযোগ গাঁওখনৰ ৰাইজৰ |
আঁচনি ৰূপায়নৰ নামত পশুৱাৰখাল ২য় আৰু ৩য় খণ্ড গাঁৱত মধ্যভোগী দালালৰ দৌৰাত্ম্যৰ অভিযোগ উঠিছে | মধ্যভোগী দালাল তথা বিজেপিৰ নেতা কৰ্মী আলী হুছেইন, ছিদ্দিক ফকিৰ, নুৰ হক, আজিবৰ, মিজানুৰ আৰু আলেকজান বেগমে উৎকোচ সংগ্ৰহ কৰি যোগ্য, দৰিদ্ৰ, বিধৱা আৰু দিব্যাংগ ব্যক্তিক বঞ্চিত কৰি অহাৰ অভিযোগ অঞ্চলবাসীৰ| দুৰ্নীতি সংঘটিত কৰা মধ্যভোগী দালাল কেইজনৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী থানাত গোচৰ তৰিছে মহিলা সকলে| ইফালে আসোঁৱাহপূৰ্ণ তালিকাখন বাতিল কৰি নিকাভাবে আঁচনিৰ তালিকা প্ৰস্তুতৰ দাবী উত্থাপন কৰিছে ৰাইজে | অন্যথা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সকিয়নি প্ৰতিবাদকাৰীৰ |